Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ዐንከቡት   አንቀጽ:
فَمَا كَانَ جَوَابَ قَوْمِهٖۤ اِلَّاۤ اَنْ قَالُوا اقْتُلُوْهُ اَوْ حَرِّقُوْهُ فَاَنْجٰىهُ اللّٰهُ مِنَ النَّارِ ؕ— اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّقَوْمٍ یُّؤْمِنُوْنَ ۟
যেতিয়া ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ জাতিক এক আল্লাহৰ ইবাদত কৰিবলৈ আৰু তেওঁৰ বাহিৰে মূৰ্ত্তি আদিৰ উপাসনা ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে, তেতিয়া সিহঁতে উত্তৰ প্ৰদান কৰি ক'লেঃ “তোমালোকে নিজৰ উপাস্যবোৰক সহায় কৰাৰ বাবে এওঁক হত্যা কৰা নাইবা জুইত নিক্ষেপ কৰা”। এতেকে আল্লাহে তেওঁক অগ্নিৰ পৰা ৰক্ষা কৰিলে। তেওঁক অগ্নিত নিক্ষেপ কৰাৰ পিছত, সুকলমে তেওঁক অগ্নিৰ পৰা ৰক্ষা কৰা বিষয়টোৰ মাজত, নিশ্চিতভাৱে মুমিনসকলৰ বাবে আছে উপদেশ। কাৰণ তেওঁলোকেই উপদেশৰ পৰা উপকৃত হয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالَ اِنَّمَا اتَّخَذْتُمْ مِّنْ دُوْنِ اللّٰهِ اَوْثَانًا ۙ— مَّوَدَّةَ بَیْنِكُمْ فِی الْحَیٰوةِ الدُّنْیَا ۚ— ثُمَّ یَوْمَ الْقِیٰمَةِ یَكْفُرُ بَعْضُكُمْ بِبَعْضٍ وَّیَلْعَنُ بَعْضُكُمْ بَعْضًا ؗ— وَّمَاْوٰىكُمُ النَّارُ وَمَا لَكُمْ مِّنْ نّٰصِرِیْنَ ۟ۗۖ
ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ জাতিক ক'লেঃ তোমালোকে আজি মূৰ্ত্তিবোৰক উপাস্য বনাই লৈ সেইবোৰক উপাসনা কৰি আছা, যাতে পাৰ্থিৱ জীৱনত পাৰস্পৰিক প্ৰেম আৰু পৰিচয় গঢ়ি তুলিব পাৰা। কিন্তু কিয়ামতৰ দিনা তোমালোকৰ মাজৰ এই গভীৰ সম্পৰ্ক বিচ্ছিন্ন হৈ যাব। লগতে শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত ইজনে সিজনৰ লগত সম্পৰ্কচ্ছেদ কৰিব, তথা পৰস্পৰে পৰস্পৰক ধিক্কাৰ জনাব। আৰু তোমালোকৰ আশ্ৰয়স্থল হ’ব জাহান্নাম। আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ তোমালোকৰ কোনো সহায়ক নাথাকিব। এই উপাস্যবোৰৰ মাজৰ পৰাও নাথাকিব যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা, লগতে ইয়াৰ বাহিৰেও কোনো নাথাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَاٰمَنَ لَهٗ لُوْطٌ ۘ— وَقَالَ اِنِّیْ مُهَاجِرٌ اِلٰی رَبِّیْ ؕ— اِنَّهٗ هُوَ الْعَزِیْزُ الْحَكِیْمُ ۟
(তাত কেৱল) লূত আলাইহিচ্ছালামে তেওঁৰ প্ৰতি ঈমান আনিছিল। ইব্ৰাহীম আলাইহিচ্ছালামে ক'লেঃ মই মোৰ প্ৰতিপালকৰ খাতিৰত শ্বাম দেশৰ বৰকতময় ভূমিলৈ হিজৰত কৰিম। নিশ্চয় তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। যি ব্যক্তিয়ে তেওঁৰ ফালে হিজৰত কৰিব, তেওঁ কেতিয়াও অপমানিত নহ'ব। তেওঁ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণত মহাপ্ৰজ্ঞাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
وَوَهَبْنَا لَهٗۤ اِسْحٰقَ وَیَعْقُوْبَ وَجَعَلْنَا فِیْ ذُرِّیَّتِهِ النُّبُوَّةَ وَالْكِتٰبَ وَاٰتَیْنٰهُ اَجْرَهٗ فِی الدُّنْیَا ۚ— وَاِنَّهٗ فِی الْاٰخِرَةِ لَمِنَ الصّٰلِحِیْنَ ۟
আমি ইব্ৰাহীমক ইছহাক্ব আৰু তেওঁৰ পুত্ৰ ইয়াকূব দান কৰিছিলোঁ। আমি তেওঁৰ সন্তানসকলৰ মাজত নবুওৱত দান কৰিছিলোঁ, আৰু ঐশীগ্ৰন্থ প্ৰদান কৰিছিলোঁ। সত্যৰ ওপৰত ধৈৰ্য্য সহকাৰে অটল থকাৰ বাবে তেওঁৰ সন্তানসকলক সদাচাৰী বনাই, লগতে সুপ্ৰশংসা প্ৰদান কৰি তেওঁক পাৰ্থিৱ জীৱনতেই প্ৰতিফল দান কৰিছিলোঁ। নিশ্চয় তেওঁ আখিৰাততো পূণ্যৱান লোকসকলৰ দৰেই প্ৰতিদান লাভ কৰিব। পৃথিৱীত লাভ কৰা প্ৰতিফলৰ কাৰণে আখিৰাতৰ সন্মানপূৰ্বক প্ৰতিদানত অকণো হ্ৰাস কৰা নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَلُوْطًا اِذْ قَالَ لِقَوْمِهٖۤ اِنَّكُمْ لَتَاْتُوْنَ الْفَاحِشَةَ ؗ— مَا سَبَقَكُمْ بِهَا مِنْ اَحَدٍ مِّنَ الْعٰلَمِیْنَ ۟
হে ৰাছুল! লূত আলাইহিচ্ছালামক স্মৰণ কৰক, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃ নিশ্চয় তোমালোকে এনেকুৱা জঘন্য কাম কৰিছা, যিটো তোমালোকৰ পূৰ্বে পৃথিৱীৰ আন কোনেও কৰা নাছিল। গতিকে তোমালোকেই হৈছা প্ৰথম লোক, যিসকলে এই অশ্লীল তথা জঘন্য কুকৰ্মৰ আৰম্ভণি কৰিছা। যিটো কৰ্মক প্ৰত্যেক পৰিস্কাৰ-পৰিচ্ছন্ন ব্যক্তিয়ে ঘৃণা কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اَىِٕنَّكُمْ لَتَاْتُوْنَ الرِّجَالَ وَتَقْطَعُوْنَ السَّبِیْلَ ۙ۬— وَتَاْتُوْنَ فِیْ نَادِیْكُمُ الْمُنْكَرَ ؕ— فَمَا كَانَ جَوَابَ قَوْمِهٖۤ اِلَّاۤ اَنْ قَالُوا ائْتِنَا بِعَذَابِ اللّٰهِ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟
তোমালোকে যৌন চাহিদা পূৰণৰ বাবে পুৰুষৰ গুহ্যদ্বাৰ কিয় ব্যৱহাৰ কৰা? তথা ভ্ৰমণকাৰী সকলক কিয় লুণ্ঠন কৰা, ফলত সিহঁতে তোমালোকৰ অশ্লীল কুকৰ্মৰ কাৰণে তোমালোকৰ ওচৰেৰে পাৰ হওঁতে ভয় কৰে? তথা তোমালোকে জনসভাতো অশ্লীল কাম কৰা পৰিলক্ষিত হোৱাৰ কাৰণটো কি, যেনেঃ উলঙ্গ হোৱা, অহা যোৱা কৰা ব্যক্তিক কথা আৰু কৰ্মৰ দ্বাৰা কষ্ট দিয়া আদি? এই অশ্লীল কৰ্মৰ পৰা বাধা প্ৰদান কৰাৰ পিছত তেওঁৰ সম্প্ৰদায়ে তেওঁক এই কথাষাৰৰ দ্বাৰা উত্তৰ দিছিল যে, যদি তুমি সত্যবাদী তেন্তে আমাৰ ওপৰত আল্লাহৰ শাস্তি লৈ আহা, যি শাস্তিৰ জৰিয়তে তুমি আমাক ভয় দেখুৱাই আছা।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ رَبِّ انْصُرْنِیْ عَلَی الْقَوْمِ الْمُفْسِدِیْنَ ۟۠
লূত আলাইহিচ্ছালামে তেওঁৰ সম্প্ৰদায়ৰ পাষণ্ডতা লক্ষ্য কৰাৰ পিছত তথা আল্লাহৰ শাস্তিক সিহঁতে অতি সহজভাৱে লৈ সেইটোক আবেদন কৰা দেখি, তেওঁ নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! তুমি মোক সেইসকল লোকৰ বিৰুদ্ধে সহায় কৰা, যিসকলে কুফৰী আৰু অশ্লীল পাপ কৰ্মৰ দ্বাৰা পৃথিৱীত উৎপাত কৰি ফুৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عناية الله بعباده الصالحين حيث ينجيهم من مكر أعدائهم.
আল্লাহে তেওঁৰ সদাচাৰী বান্দাসকলৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰে, তথা তেওঁলোকক তেওঁলোকৰ শত্ৰুৰ চক্ৰান্তৰ পৰা সুৰক্ষা প্ৰদান কৰে।

• فضل الهجرة إلى الله.
আল্লাহৰ বাবে হিজৰত কৰাৰ গুৰুত্ব।

• عظم منزلة إبراهيم وآله عند الله تعالى.
ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ সন্তানসকলৰ বাবে আল্লাহৰ ওচৰত আছে মহান মৰ্যাদা।

• تعجيل بعض الأجر في الدنيا لا يعني نقص الثواب في الآخرة.
কিছুমান কৰ্মৰ প্ৰতিদান পৃথিৱীত লাভ কৰাৰ অৰ্থ এইটো নহয় যে, আখিৰাতত সেইটোৰ ছোৱাব হ্ৰাস পাব।

• قبح تعاطي المنكرات في المجالس العامة.
সাধাৰণ বৈঠকত অশ্লীল কৰ্ম কৰাটোও এটা জঘন্য কাম।

 
የይዘት ትርጉም ምዕራፍ: አል ዐንከቡት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት