Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ዐንከቡት   አንቀጽ:
فَاَنْجَیْنٰهُ وَاَصْحٰبَ السَّفِیْنَةِ وَجَعَلْنٰهَاۤ اٰیَةً لِّلْعٰلَمِیْنَ ۟
এতেকে আমি নূহ আলাইহিচ্ছালামক আৰু তেওঁৰ সৈতে নাঁৱত আৰোহণ কৰা মুমিনসকলক ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ। তথা নাৱখনক মানুহৰ বাবে শিক্ষা-সামগ্ৰী বনাই দিছোঁ, যাতে মানুহে সেইটোৰ পৰা শিক্ষা লব পাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِبْرٰهِیْمَ اِذْ قَالَ لِقَوْمِهِ اعْبُدُوا اللّٰهَ وَاتَّقُوْهُ ؕ— ذٰلِكُمْ خَیْرٌ لَّكُمْ اِنْ كُنْتُمْ تَعْلَمُوْنَ ۟
হে ৰাছুল! স্মৰণ কৰক ইব্ৰাহীম আলাইহিচ্ছালামৰ ঘটনা, যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিলঃ তোমালোকে এক আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা আঁতৰি থাকি, কেৱল তেওঁৰেই ইবাদত কৰা, তথা তেওঁৰ শাস্তিক ভয় কৰা। তোমালোকৰ বাবে এই আদেশ অতি কল্যাণকৰ, যদি তোমালোকে জানিলাহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّمَا تَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ اَوْثَانًا وَّتَخْلُقُوْنَ اِفْكًا ؕ— اِنَّ الَّذِیْنَ تَعْبُدُوْنَ مِنْ دُوْنِ اللّٰهِ لَا یَمْلِكُوْنَ لَكُمْ رِزْقًا فَابْتَغُوْا عِنْدَ اللّٰهِ الرِّزْقَ وَاعْبُدُوْهُ وَاشْكُرُوْا لَهٗ ؕ— اِلَیْهِ تُرْجَعُوْنَ ۟
হে মুশ্বৰিকসকল! তোমালোকে যিবোৰ মূৰ্ত্তিৰ উপাসনা কৰি আছা, সেইবোৰে তোমালোকৰ উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে। যেতিয়া তোমালোকে সেইবোৰক উপাস্য বুলি দাবী কৰা, তেতিয়া তোমালোকে প্ৰমাণস্বৰূপে মনেসজা মিছা দলিল উপস্থাপন কৰা। আল্লাহৰ বাহিৰে তোমালোকে যিবোৰৰ উপাসনা কৰা, নিশ্চিতভাৱে সেইবোৰ তোমালোকৰ জীৱিকাৰ মালিক নহয় যে, তোমালোকক জীৱিকা প্ৰদান কৰিব। গতিকে আল্লাহৰ ওচৰত জীৱিকা প্ৰাৰ্থনা কৰা, তেৱেঁই জীৱিকাদাতা। একমাত্ৰ তেওঁৰেই ইবাদত কৰা, লগতে তেওঁ তোমালোকক জীৱিকা প্ৰদান কৰি যি উপকাৰ কৰিছে তাৰ বাবে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা। কাৰণ কিয়ামতৰ দিনা হিচাপ-নিকাচ আৰু প্ৰতিদানৰ বাবে একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা। তোমালোকৰ মূৰ্ত্তিবোৰৰ ওচৰলৈ নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنْ تُكَذِّبُوْا فَقَدْ كَذَّبَ اُمَمٌ مِّنْ قَبْلِكُمْ ؕ— وَمَا عَلَی الرَّسُوْلِ اِلَّا الْبَلٰغُ الْمُبِیْنُ ۟
হে মুশ্বৰিকসকল! তোমালোকে যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা বাৰ্তাক অস্বীকাৰ কৰি আছা তেন্তে (জানি থোৱা) তোমালোকৰ পূৰ্বেও বহুতো সম্প্ৰদায়ে সিহঁতৰ ৰাছুলসকলক অস্বীকাৰ কৰিছিল, যেনেঃ নূহ, আদ আৰু ছামূদ সম্প্ৰদায়। ৰাছুলৰ দায়িত্ব হৈছে কেৱল স্পষ্টৰূপে বাৰ্তা পৌঁচাই দিয়া। গতিকে তেওঁৰ প্ৰতিপালকে তেওঁক যি পৌঁচাই দিবলৈ আদেশ দিছিল, তেওঁ সেইবোৰ তোমালোকক পৌঁচাই দিছে।
የአረብኛ ቁርኣን ማብራሪያ:
اَوَلَمْ یَرَوْا كَیْفَ یُبْدِئُ اللّٰهُ الْخَلْقَ ثُمَّ یُعِیْدُهٗ ؕ— اِنَّ ذٰلِكَ عَلَی اللّٰهِ یَسِیْرٌ ۟
এই অস্বীকাৰকাৰীসকলে দেখা পোৱা নাই নেকি যে, আল্লাহে সৃষ্টিক প্ৰথমবাৰ কেনেকৈ সৃষ্টি কৰে, লগতে এইবোৰক ধ্বংস কৰাৰ পিছত তেওঁ পুনৰ এইবোৰক সৃষ্টি কৰিব? নিশ্চয় এয়া আল্লাহৰ বাবে অতি সহজ। তেওঁ সৰ্বশক্তিমান তথা মহাক্ষমতাৱান। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ سِیْرُوْا فِی الْاَرْضِ فَانْظُرُوْا كَیْفَ بَدَاَ الْخَلْقَ ثُمَّ اللّٰهُ یُنْشِئُ النَّشْاَةَ الْاٰخِرَةَ ؕ— اِنَّ اللّٰهَ عَلٰى كُلِّ شَیْءٍ قَدِیْرٌ ۟ۚ
হে ৰাছুল! পুনৰুত্থানক অস্বীকাৰ কৰা এই লোকসকলক আপুনি কৈ দিয়ক যে, তোমালোকে পৃথিৱীত ঘূৰি পকি চোৱা, আল্লাহে কিদৰে সৃষ্টিৰ শুভাৰম্ভণি কৰিছে। ইয়াৰ পিছত আল্লাহেই মানুহক সিহঁতৰ মৃত্যুৰ পিছত হাচৰৰ ময়দানত একত্ৰিত কৰিবলৈ আৰু হিচাপ-নিকাচৰ বাবে পুনৰ্জীৱিত কৰিব। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। কোনেও তেওঁক পৰাজিত কৰিব নোৱাৰে। মানুহক পুনৰুত্থিত কৰিবলৈ তেওঁ কেতিয়াও অপাৰগ নহয়, যিদৰে পোন প্ৰথমবাৰ সিহঁতক সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁ অপাৰগ নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
یُعَذِّبُ مَنْ یَّشَآءُ وَیَرْحَمُ مَنْ یَّشَآءُ ۚ— وَاِلَیْهِ تُقْلَبُوْنَ ۟
তেওঁ ন্যায় অনুসাৰে তেওঁৰ সৃষ্টিসমূহৰ মাজৰ যাক ইচ্ছা কৰিব শাস্তি বিহিব। তথা নিজ অনুগ্ৰহেৰে যাক ইচ্ছা কৰিব তাৰ প্ৰতি দয়া কৰিব। কিয়ামতৰ দিনা হিচাপ-নিকাচৰ বাবে একমাত্ৰ তেওঁৰ ওচৰতেই তোমালোকে প্ৰত্যাৱৰ্তন কৰিবা। যেতিয়া তোমালোকক কবৰৰ পৰা জীৱিত কৰি পুনৰুত্থিত কৰা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَنْتُمْ بِمُعْجِزِیْنَ فِی الْاَرْضِ وَلَا فِی السَّمَآءِ ؗ— وَمَا لَكُمْ مِّنْ دُوْنِ اللّٰهِ مِنْ وَّلِیٍّ وَّلَا نَصِیْرٍ ۟۠
পৃথিৱীতেই হওক অথবা আকাশত তোমালোকে নিজ প্ৰতিপালকৰ পৰা কেতিয়াও ৰক্ষা পাব নোৱাৰা, আৰু তেওঁৰ শাস্তিৰ পৰাও পলায়ন কৰিব নোৱাৰিবা। আনকি আল্লাহৰ বাহিৰে তোমালোকৰ কোনো অভিভাৱকো নাই, যিয়ে তোমালোকৰ বিষয়বোৰ চোৱাচিতা কৰিব। আল্লাহৰ বাহিৰে তোমালোকৰ কোনো সহায়কো নাই, যিয়ে তোমালোকক শাস্তিৰ পৰা ৰক্ষা কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ كَفَرُوْا بِاٰیٰتِ اللّٰهِ وَلِقَآىِٕهٖۤ اُولٰٓىِٕكَ یَىِٕسُوْا مِنْ رَّحْمَتِیْ وَاُولٰٓىِٕكَ لَهُمْ عَذَابٌ اَلِیْمٌ ۟
যিসকল লোকে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে তথা কিয়ামতৰ দিনা হ’বলগীয়া তেওঁৰ সাক্ষাতক নসাৎ কৰিছে, সেইসকল লোকেই মোৰ ৰহমতৰ পৰা নিৰাশ হৈছে। এতেকে সিহঁতৰ এই কুফৰীৰ কাৰণে সিহঁতে কেতিয়াও জান্নাতত প্ৰৱেশ কৰিব নোৱাৰিব। লগতে সিহঁতৰ বাবে আখিৰাতত কষ্টদায়ক শাস্তি অপেক্ষা কৰি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الأصنام لا تملك رزقًا، فلا تستحق العبادة.
মূৰ্ত্তিবোৰ যিহেতু জীৱিকাৰ মালিক নহয়, গতিকে সেইবোৰ কেতিয়াও ইবাদতৰ যোগ্য হ'ব নোৱাৰে।

• طلب الرزق إنما يكون من الله الذي يملك الرزق.
একমাত্ৰ আল্লাহৰ ওচৰতেই জীৱিকা প্ৰাৰ্থনা কৰা উচিত, তেৱেঁই জীৱিকা প্ৰদানত সামৰ্থৱান।

• بدء الخلق دليل على البعث.
প্ৰথমবাৰ সৃষ্টি কৰাটোৱে হৈছে পুনৰুত্থানৰ অকাট্য প্ৰমাণ।

• دخول الجنة محرم على من مات على كفره.
কুফৰীৰ অৱস্থাত যি ব্যক্তিয়ে মৃত্যুবৰণ কৰিব, তাৰ ওপৰত জান্নাত হাৰাম।

 
የይዘት ትርጉም ምዕራፍ: አል ዐንከቡት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት