Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ዐንከቡት   አንቀጽ:
وَلَا تُجَادِلُوْۤا اَهْلَ الْكِتٰبِ اِلَّا بِالَّتِیْ هِیَ اَحْسَنُ ؗ— اِلَّا الَّذِیْنَ ظَلَمُوْا مِنْهُمْ وَقُوْلُوْۤا اٰمَنَّا بِالَّذِیْۤ اُنْزِلَ اِلَیْنَا وَاُنْزِلَ اِلَیْكُمْ وَاِلٰهُنَا وَاِلٰهُكُمْ وَاحِدٌ وَّنَحْنُ لَهٗ مُسْلِمُوْنَ ۟
হে মুমিনসকল! তোমালোকে ইয়াহুদী আৰু খৃষ্টানসকলৰ লগত উত্তম পন্থাৰে বাদানুবাদ কৰিবা। অৰ্থাৎ দলিল-প্ৰমাণ আৰু উপদেশৰ সৈতে সিহঁতক ইছলামৰ পিনে নিমন্ত্ৰণ কৰিবা। আনহাতে সিহঁতৰ মাজৰ যিসকলে বিদ্বেষ পোষণ কৰি আৰু অহংকাৰ কৰি অন্যায় কৰিছে, তথা তোমালোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে, সেইসকল লোকৰ বিৰুদ্ধে তোমালোকেও যুদ্ধ কৰা। যেতিয়ালৈকে সিহঁতে ইছলাম গ্ৰহণ নকৰে অথবা অপমানিত হৈ কৰ আদায় নকৰে। ইয়াহুদী আৰু খৃষ্টানসকলক কৈ দিয়া, আমি সেই কোৰআনৰ প্ৰতি ঈমান আনিছোঁ, যিখন আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে; তথা তোমালোকৰ প্ৰতি অৱতীৰ্ণ হোৱা তাওৰাত আৰু ইঞ্জীলৰ প্ৰতিও আমি ঈমান আনিছোঁ। আমাৰ আৰু তোমালোকৰ উপাস্য এজনেই। তেওঁৰ দৰে উপাস্য, পালনহাৰ আৰু সকলো ফালৰ পৰা পৰিপূৰ্ণ সত্ত্বা আন কোনো নাই। আমি একমাত্ৰ তেওঁৰেই আনুগত্য কৰোঁ, আৰু তেওঁৰ সন্মুখতেই শিৰনত কৰোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَذٰلِكَ اَنْزَلْنَاۤ اِلَیْكَ الْكِتٰبَ ؕ— فَالَّذِیْنَ اٰتَیْنٰهُمُ الْكِتٰبَ یُؤْمِنُوْنَ بِهٖ ۚ— وَمِنْ هٰۤؤُلَآءِ مَنْ یُّؤْمِنُ بِهٖ ؕ— وَمَا یَجْحَدُ بِاٰیٰتِنَاۤ اِلَّا الْكٰفِرُوْنَ ۟
যিদৰে আমি আপোনাৰ পূৰ্বে (নবীসকলৰ ওপৰত) কিতাব অৱতীৰ্ণ কৰিছিলোঁ, ঠিক সেইদৰে আপোনাৰ ওপৰতো কোৰআন অৱতীৰ্ণ কৰিছোঁ। এতেকে তাওৰাত অধ্যয়ন কৰা কিছুমান লোকে উদাহৰণস্বৰূপে আব্দুল্লাহ বিন ছালাম আদিয়ে ইয়াৰ প্ৰতি ঈমান আনিছে। কাৰণ তেওঁলোকে নিজ গ্ৰন্থত ইয়াৰ বৈশিষ্ট্যবোৰ উল্লিখিত পাইছে। আৰু মুশ্বৰিকসকলৰ মাজৰ পৰাও কিছুমানে ইয়াৰ প্ৰতি ঈমান আনিছে। আমাৰ আয়াতসমূহক কেৱল সেইসকল কাফিৰেই অস্বীকাৰ কৰে, যিসকলে সত্য স্পষ্ট হোৱাৰ পিছতো কুফৰী আৰু অস্বীকাৰৰ পথত অটল থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا كُنْتَ تَتْلُوْا مِنْ قَبْلِهٖ مِنْ كِتٰبٍ وَّلَا تَخُطُّهٗ بِیَمِیْنِكَ اِذًا لَّارْتَابَ الْمُبْطِلُوْنَ ۟
হে ৰাছুল! আপুনি কোৰআনৰ পূৰ্বে কোনো কিতাবেই পঢ়া নাছিল আৰু আপোনাৰ সোঁ হাতেৰেও একো লিখিব পৰা নাছিল। কাৰণ আপুনি আছিল নিৰক্ষৰ। লিখা পঢ়াৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাছিল। যদি আপুনি লিখা পঢ়া জানিলেহেঁতেন তেন্তে বহুতো মুৰ্খই আপোনাৰ নবুওৱতকলৈ সন্দেহ পোষণ কৰিলেহেঁতেন। আৰু সিহঁতে দাবী কৰিলেহেঁতেন যে, আপুনি পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ পৰা এইবোৰ লিখি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
بَلْ هُوَ اٰیٰتٌۢ بَیِّنٰتٌ فِیْ صُدُوْرِ الَّذِیْنَ اُوْتُوا الْعِلْمَ ؕ— وَمَا یَجْحَدُ بِاٰیٰتِنَاۤ اِلَّا الظّٰلِمُوْنَ ۟
বৰং আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা এই কোৰআন হৈছে স্পষ্ট আয়াতসমূহৰ সমষ্টি, যিবোৰ সেইসকল মুমিনৰ অন্তৰত সুৰক্ষিত, যিসকলক জ্ঞান দান কৰা হৈছে। আমাৰ আয়াতসমূহক সেইসকল লোকেই অস্বীকাৰ কৰে, যিসকলে আল্লাহৰ লগত কুফৰী কৰি আৰু তেওঁৰ লগত শ্বিৰ্ক কৰি নিজৰ ওপৰতেই অন্যায় কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالُوْا لَوْلَاۤ اُنْزِلَ عَلَیْهِ اٰیٰتٌ مِّنْ رَّبِّهٖ ؕ— قُلْ اِنَّمَا الْاٰیٰتُ عِنْدَ اللّٰهِ ؕ— وَاِنَّمَاۤ اَنَا نَذِیْرٌ مُّبِیْنٌ ۟
মুশ্বৰিকসকলে কয়ঃ মুহাম্মদৰ ওপৰত তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা নিদৰ্শন কিয় অৱতীৰ্ণ নহয়, যিদৰে পূৰ্বৱৰ্তী ৰাছুলসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল? হে ৰাছুল! আপুনি প্ৰস্তাৱ দিয়া লোকসকলক কৈ দিয়ক, নিদৰ্শন অৱতীৰ্ণ কৰাৰ দায়িত্ব হৈছে পৱিত্ৰ আল্লাহৰ হাতত। তেওঁ যেতিয়া ইচ্ছা কৰে তেতিয়াহে অৱতীৰ্ণ কৰে; সেইবোৰ অৱতীৰ্ণ কৰা মোৰ কাম নহয়। নিশ্চিতভাৱে মই হৈছোঁ তোমালোকক স্পষ্টৰূপে আল্লাহৰ শাস্তিৰ পৰা সতৰ্ককাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
اَوَلَمْ یَكْفِهِمْ اَنَّاۤ اَنْزَلْنَا عَلَیْكَ الْكِتٰبَ یُتْلٰی عَلَیْهِمْ ؕ— اِنَّ فِیْ ذٰلِكَ لَرَحْمَةً وَّذِكْرٰی لِقَوْمٍ یُّؤْمِنُوْنَ ۟۠
হে ৰাছুল! এই প্ৰস্তাৱ দিয়া লোকসকলৰ বাবে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা কোৰআনখন যথেষ্ট নহয় নেকি, যিখন ইহঁতৰ সন্মুখত তিলাৱত কৰা হয়? নিশ্চয় আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনত সেইসকল লোকৰ বাবে আছে ৰহমত আৰু উপদেশ, যিসকলে ঈমান পোষণ কৰে। কাৰণ তেওঁলোকেই কোৰআনৰ শিক্ষাৰ দ্বাৰা উপকৃত হয়। এতেকে এওঁলোকৰ ওপৰত অৱতীৰ্ণ এই সকলোবোৰ প্ৰমাণ, সেইসমূহ নিদৰ্শনতকৈ যথেষ্ট পৰিমাণে উত্তম, যিবোৰ পূৰ্বৱৰ্তী নবীসকলৰ ওপৰত অৱতীৰ্ণ হৈছিল আৰু যিবোৰ অৱতীৰ্ণ হোৱাৰ প্ৰস্তাৱ স্বয়ং ইহঁতে আগবঢ়াইছে।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ كَفٰی بِاللّٰهِ بَیْنِیْ وَبَیْنَكُمْ شَهِیْدًا ۚ— یَعْلَمُ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَالَّذِیْنَ اٰمَنُوْا بِالْبَاطِلِ وَكَفَرُوْا بِاللّٰهِ ۙ— اُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟
হে ৰাছুল! আপুনি ইহঁতক কৈ দিয়ক, মই যি লৈ আহিছোঁ, ইয়াৰ সত্যতা আৰু তোমালোকৰ অস্বীকাৰৰ ক্ষেত্ৰত সাক্ষী হিচাপে আল্লাহেই যথেষ্ট। তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত থকা সকলো বিষয়ে অৱগত। এই দুয়োৰ মাজত থকা একোৱেই তেওঁৰ পৰা গোপন নহয়। এতেকে যিসকল লোকে বাতিলৰ ওপৰত বিশ্বাস পোষণ কৰিছে, অৰ্থাৎ যিবোৰক আল্লাহৰ বাহিৰে উপাসনা কৰা হয় সেইবোৰক সত্য বুলি মানি লৈছে, আৰু সেই আল্লাহৰ লগত কুফৰী কৰিছে, যিজন এককভাৱে ইবাদতৰ যোগ্য, সেইসকল লোকেই হৈছে প্ৰকৃততে ক্ষতিগ্ৰস্ত। কাৰণ সিহঁতে ঈমানৰ পৰিবৰ্তে কুফৰীক পছন্দ কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مجادلة أهل الكتاب تكون بالتي هي أحسن.
আহলে কিতাবসকলৰ লগত উত্তমভাৱে বাদানুবাদ কৰা উচিত।

• الإيمان بجميع الرسل والكتب دون تفريق شرط لصحة الإيمان.
কোনো ভেদাভেদ নকৰাকৈ সকলো ৰাছুল আৰু ঐশীগ্ৰন্থৰ ওপৰত ঈমান পোষণ কৰাটোৱে হৈছে সঠিক ঈমানৰ দাবী।

• القرآن الكريم الآية الخالدة والحجة الدائمة على صدق النبي صلى الله عليه وسلم.
পৱিত্ৰ কোৰআন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতাৰ চিৰস্থায়ী নিদৰ্শন, তথা চিৰযুগমীয়া প্ৰমাণ।

 
የይዘት ትርጉም ምዕራፍ: አል ዐንከቡት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት