Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
وَاِذْ یَرْفَعُ اِبْرٰهٖمُ الْقَوَاعِدَ مِنَ الْبَیْتِ وَاِسْمٰعِیْلُ ؕ— رَبَّنَا تَقَبَّلْ مِنَّا ؕ— اِنَّكَ اَنْتَ السَّمِیْعُ الْعَلِیْمُ ۟
তথা হে নবী! সেই সময়ক স্মৰণ কৰক, যেতিয়া ইব্ৰাহীম আৰু ইছমাঈল আলাইহিমাচ্ছালামে কাবা ঘৰৰ আধাৰশিলা নিৰ্মাণ কৰি আছিল। আৰু তেওঁলোকে বিনয়পূৰ্বক দুআ কৰি আছিল যে, হে আমাৰ প্ৰতিপালক! আমাৰ আমলসমূহ (ইয়াৰ ভিতৰত এই ঘৰৰ নিৰ্মাণ কাৰ্যও অন্তৰ্ভুক্ত) কবুল কৰা। নিশ্চয় তুমিয়ে আমাৰ দুআ শ্ৰৱণকাৰী। অৱশ্যে তুমি আমাৰ সংকল্প আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত।
የአረብኛ ቁርኣን ማብራሪያ:
رَبَّنَا وَاجْعَلْنَا مُسْلِمَیْنِ لَكَ وَمِنْ ذُرِّیَّتِنَاۤ اُمَّةً مُّسْلِمَةً لَّكَ ۪— وَاَرِنَا مَنَاسِكَنَا وَتُبْ عَلَیْنَا ۚ— اِنَّكَ اَنْتَ التَّوَّابُ الرَّحِیْمُ ۟
হে আল্লাহ! তুমি আমাক তোমাৰ আদেশ পালনকাৰী আৰু তোমাৰ সন্মুখত শিৰ নতকাৰী বনাই দিয়া যাতে আমি তোমাৰ লগত কাকো অংশীদাৰ স্থাপন নকৰো। আৰু আমাৰ বংশধৰ সকলৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা। আৰু আমাক তোমাৰ ইবাদত কৰাৰ পদ্ধতি শিকাই দিয়া, আৰু আমাৰ গুনাহসমূহ ক্ষমা কৰা, লগতে তোমাৰ আনুগত্যত হোৱা আমাৰ ভুল-ত্ৰুটিসমূহ মাৰ্জনা কৰা। নিশ্চয় তুমি তোমাৰ তাওবাকাৰী বান্দাসকলৰ তাওবা কবুল কৰা আৰু তেওঁলোকৰ ওপৰত তুমি কৃপা কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
رَبَّنَا وَابْعَثْ فِیْهِمْ رَسُوْلًا مِّنْهُمْ یَتْلُوْا عَلَیْهِمْ اٰیٰتِكَ وَیُعَلِّمُهُمُ الْكِتٰبَ وَالْحِكْمَةَ وَیُزَكِّیْهِمْ ؕ— اِنَّكَ اَنْتَ الْعَزِیْزُ الْحَكِیْمُ ۟۠
হে আমাৰ প্ৰতিপালক! ইছমাঈলৰ বংশধৰ সকলৰ পৰা তেওঁলোকৰ মাজতেই এজন ৰাছুল প্ৰেৰণ কৰিবা। যিয়ে তোমাৰ অৱতীৰ্ণ কৰা আয়াতসমূহ তিলাৱত কৰি শুনাব আৰু তেওঁলোকক কোৰআন আৰু ছুন্নতৰ শিক্ষা প্ৰদান কৰিব। লগতে শিৰ্ক আৰু কুঃসংস্কাৰৰ পৰা পৱিত্ৰ কৰিব। নিশ্চয় তুমি পৰাক্ৰমশালী, প্ৰভূত্বশীল। নিজ কৰ্ম আৰু বিধানত প্ৰজ্ঞাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَنْ یَّرْغَبُ عَنْ مِّلَّةِ اِبْرٰهٖمَ اِلَّا مَنْ سَفِهَ نَفْسَهٗ ؕ— وَلَقَدِ اصْطَفَیْنٰهُ فِی الدُّنْیَا ۚ— وَاِنَّهٗ فِی الْاٰخِرَةِ لَمِنَ الصّٰلِحِیْنَ ۟
ইব্ৰাহীম আলাইহিছ ছালামৰ দ্বীনৰ পৰা বিমুখ হৈ আন কোনো ধৰ্মৰ পিনে কেৱল সেই ব্যক্তিয়েই আকৰ্ষিত হব পাৰে যিয়ে নিৰ্বোধতা আৰু মুৰ্খতাত পৰি সত্য পৰিত্যাগ কৰি পথভ্ৰষ্টতাক আঁকোৱালি লৈ নিজৰ ওপৰত অন্যায় কৰিছে আৰু নিজৰ বাবে অপমান স্বীকাৰ কৰিছে। নিশ্চয় আমি তেওঁক পৃথিৱীত ৰাছুল আৰু বন্ধু বনাইছিলো তথা আখিৰাতত তেওঁ সেই সকল পূণ্যৱান ব্যক্তিৰ অন্তৰ্ভুক্ত হব যিসকলে আল্লাহৰ আদেশ পালন কৰি উচ্চ স্থান প্ৰাপ্ত কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
اِذْ قَالَ لَهٗ رَبُّهٗۤ اَسْلِمْ ۙ— قَالَ اَسْلَمْتُ لِرَبِّ الْعٰلَمِیْنَ ۟
আল্লাহে তেওঁক নিৰ্বাচন কৰাৰ কাৰণ হৈছে, তেওঁ আজ্ঞাপালনত ততাতৈয়াকৈ অগ্ৰসৰ হৈছিল। যেতিয়া তেওঁৰ প্ৰতিপালকে তেওঁক কৈছিলঃ “নিৰ্ভেজালভাৱে কেৱল মোৰেই ইবাদত কৰা আৰু মোৰ আনগত্যত শিৰ নত কৰা”। তেওঁ নিজ প্ৰতিপালকক উত্তৰ দি কৈছিলঃ “মই বান্দাসকলৰ সৃষ্টিকৰ্তা আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিলো যিজন তেওঁলোকৰ জীৱিকাদাতা লগতে তেওঁলোকৰ সকলো কৰ্মৰ নিয়ন্ত্ৰণকাৰী”।
የአረብኛ ቁርኣን ማብራሪያ:
وَوَصّٰی بِهَاۤ اِبْرٰهٖمُ بَنِیْهِ وَیَعْقُوْبُ ؕ— یٰبَنِیَّ اِنَّ اللّٰهَ اصْطَفٰی لَكُمُ الدِّیْنَ فَلَا تَمُوْتُنَّ اِلَّا وَاَنْتُمْ مُّسْلِمُوْنَ ۟ؕ
ইব্ৰাহীমে তেওঁৰ পুত্ৰসকলক এই বাক্যৰ উপদেশ দিছিলঃ (মই বিশ্বজগতৰ প্ৰতিপালকৰ ওচৰত আত্মসমৰ্পণ কৰিলো) এইদৰে ইয়াকূব আলাইহিছ ছালামেও তেওঁৰ পুত্ৰসকলক এই কথাৰেই উপদেশ দিছিল। উভয়ে নিজ নিজ পুত্ৰসকলক কৈছিলঃ আল্লাহে তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে নিৰ্বাচিত কৰিছে। এতেকে তোমালোকে মৃত্যু নোহোৱা লৈকে ইয়াক দৃঢ়ভাৱে ধাৰণ কৰা। যাতে তোমালোক প্ৰকাশ্য-অপ্ৰকাশ্য সকলো ক্ষেত্ৰতে আল্লাহৰ ওচৰত আত্মসমৰ্পণকাৰী হোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ كُنْتُمْ شُهَدَآءَ اِذْ حَضَرَ یَعْقُوْبَ الْمَوْتُ ۙ— اِذْ قَالَ لِبَنِیْهِ مَا تَعْبُدُوْنَ مِنْ بَعْدِیْ ؕ— قَالُوْا نَعْبُدُ اِلٰهَكَ وَاِلٰهَ اٰبَآىِٕكَ اِبْرٰهٖمَ وَاِسْمٰعِیْلَ وَاِسْحٰقَ اِلٰهًا وَّاحِدًا ۖۚ— وَّنَحْنُ لَهٗ مُسْلِمُوْنَ ۟
তোমালোকে সেই সময়ত উপস্থিত আছিলা নেকি যেতিয়া ইয়াকূব আলাইহিছ ছালাম মুমূৰ্ষু অৱস্থাত আছিল? যেতিয়া তেওঁ নিজ পুত্ৰসকলক কৈছিলঃ ‘মোৰ মৃত্যুৰ পিছত তোমালোকে কাৰ ইবাদত কৰিবা’? তেওঁলোকে তেওঁৰ প্ৰশ্নৰ উত্তৰ দি কৈছিলঃ ‘আমি আপোনাৰ উপাস্য আৰু আপোনাৰ পিতৃ-পুৰুষ ইব্ৰাহীম, ইছমাঈল আৰু ইছহাকৰ উপাস্যৰ ইবাদত কৰিম। একমাত্ৰ উপাস্য কেৱল তেৱেঁই। তেওঁৰ কোনো অংশীদাৰ নাই। আমি কেৱল তেওঁৰ ওচৰতেই আত্মসমৰ্পণ কৰোঁ আৰু তেওঁৰ সন্মুখতেই শিৰ নত কৰোঁ’।
የአረብኛ ቁርኣን ማብራሪያ:
تِلْكَ اُمَّةٌ قَدْ خَلَتْ ۚ— لَهَا مَا كَسَبَتْ وَلَكُمْ مَّا كَسَبْتُمْ ۚ— وَلَا تُسْـَٔلُوْنَ عَمَّا كَانُوْا یَعْمَلُوْنَ ۟
সেয়া তোমালোকৰ পূৰ্বে অতিবাহিত হোৱা সম্প্ৰদায়সমূহৰ মাজৰ এটা সম্প্ৰদায় আছিল। তেওঁলোকে নিজৰ কৰ্ম সম্পন্ন কৰিছে। গতিকে ভাল হওঁক বেয়া হওঁক তেওঁলোকৰ কৰ্ম তেওঁলোকৰ, আৰু তোমালোকৰ কৰ্ম তোমালোকৰ। এতেকে তোমালোকক তেওঁলোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহব; আৰু তেওঁলোককো তোমালোকৰ কৰ্ম সম্পৰ্কে প্ৰশ্ন কৰা নহব। আৰু কোনেও আনৰ গুনাহৰ বাবে জবাবদিহী নহব। প্ৰত্যেককে নিজৰ কৰ্মৰ প্ৰতিদান দিয়া হব। গতিকে অতিবাহিত হোৱা লোকৰ কৰ্মৰ পিছত লাগি কোনো লাভ নাই বৰং নিজৰ কৰ্মৰ প্ৰতি লক্ষ্য কৰা। কিয়নো আল্লাহৰ কৃপাৰ পিছত সত্কৰ্মৰ বাহিৰে একোৱেই কাকো উপকাৰ নকৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المؤمن المتقي لا يغتر بأعماله الصالحة، بل يخاف أن ترد عليه، ولا تقبل منه، ولهذا يُكْثِرُ سؤالَ الله قَبولها.
আল্লাহক ভয় কৰা মুমিনে কেতিয়াও নেক আমলৰ প্ৰতি ভৰসা নকৰে। তেওঁ এই আশংকা কৰে যে, তেওঁৰ আমল কবুল হয় নে নহয়, নে প্ৰত্যাখ্যান কৰে। সেই কাৰণেই তেওঁ সদায় নিজৰ আমল কবুল হোৱাৰ দুআ কৰে।

• بركة دعوة أبي الأنبياء إبراهيم عليه السلام، حيث أجاب الله دعاءه وجعل خاتم أنبيائه وأفضل رسله من أهل مكة.
নবীসকলৰ পিতা ইব্ৰাহীম আলাইহিছ ছালামৰ দুআৰ বৰকত যে, আল্লাহে তেওঁৰ দুআ কবুল কৰি সৰ্বশেষ তথা অন্তিম নবী মক্কাবাসী সকলৰ মাজৰ পৰা বনাইছে।

• دين إبراهيم عليه السلام هو الملة الحنيفية الموافقة للفطرة، لا يرغب عنها ولا يزهد فيها إلا الجاهل المخالف لفطرته.
কেৱল ইব্ৰাহীম আলাইহিছ ছালামৰ ধৰ্মই একেশ্বৰবাদৰ ওপৰত প্ৰতিষ্ঠিত আৰু মানৱ প্ৰকৃতিৰ অনুকূল ধৰ্ম। ইয়াৰ পৰা কেৱল সেই ব্যক্তি বিমুখ হব পাৰে, যিজন মুৰ্খ আৰু নিজ প্ৰকৃতিৰ শত্ৰু।

• مشروعية الوصية للذرية باتباع الهدى، وأخذ العهد عليهم بالتمسك بالحق والثبات عليه.
এই কথা প্ৰমাণ কৰে যে, সন্তানসকলক হিদায়তৰ অনুসৰণৰ উপদেশ দিব লাগে আৰু সত্যক দৃঢ়ভাৱে ধাৰণ কৰাৰ আৰু তাৰ ওপৰত প্ৰতিষ্ঠিত থকাৰ প্ৰতিশ্ৰুতি লব লাগে।

 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት