Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
تِلْكَ الرُّسُلُ فَضَّلْنَا بَعْضَهُمْ عَلٰی بَعْضٍ ۘ— مِنْهُمْ مَّنْ كَلَّمَ اللّٰهُ وَرَفَعَ بَعْضَهُمْ دَرَجٰتٍ ؕ— وَاٰتَیْنَا عِیْسَی ابْنَ مَرْیَمَ الْبَیِّنٰتِ وَاَیَّدْنٰهُ بِرُوْحِ الْقُدُسِ ؕ— وَلَوْ شَآءَ اللّٰهُ مَا اقْتَتَلَ الَّذِیْنَ مِنْ بَعْدِهِمْ مِّنْ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنٰتُ وَلٰكِنِ اخْتَلَفُوْا فَمِنْهُمْ مَّنْ اٰمَنَ وَمِنْهُمْ مَّنْ كَفَرَ ؕ— وَلَوْ شَآءَ اللّٰهُ مَا اقْتَتَلُوْا ۫— وَلٰكِنَّ اللّٰهَ یَفْعَلُ مَا یُرِیْدُ ۟۠
সেই সকল ৰাছুল যিসকলৰ বিষয়ে আমি উল্লেখ কৰিছো, তেওঁলোকৰ মাজত কিছুমানক আমি অহী, অনুগামী আৰু শ্ৰেণীৰ ফালেৰে আন আন নবী আৰু ৰাছুলসকলৰ তুলনাত প্ৰাধান্য দিছো। তেওঁলোকৰ মাজত কিছুমান এনেকুৱা আছে যিসকলৰ লগত আল্লাহে কথা পাতিছে, যেনে- মুছা আলাইহিছ ছালাম। আৰু আন কিছুমানক উচ্চ মৰ্যদা প্ৰদান কৰিছে, যেনে- মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম। কিয়নো তেখেতক গোটেই মানৱ জাতিৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। তেখেতৰ জৰিয়তে নবুওৱতৰ ধাৰা বন্ধ কৰি দিয়া হৈছে। লগতে তেখেতৰ উম্মতক আন সকলো উম্মতৰ ওপৰত শ্ৰেষ্ঠতা প্ৰদান কৰা হৈছে। আৰু (আল্লাহে কৈছেঃ) আমিয়ে মৰিয়মৰ পুত্ৰ ঈছাক তেওঁৰ নবুওৱত প্ৰমাণ কৰিবলৈ স্পষ্ট অলৌকিকতা প্ৰদান কৰিছো, যেনে- মৃত ব্যক্তিক জীৱিত কৰা, অন্ধ আৰু কুষ্ঠ ৰোগীক আৰোগ্য প্ৰদান কৰা। আমিয়ে জিব্ৰীল আলাইহিছ ছালামৰ দ্বাৰা তেওঁক সমৰ্থন কৰিছিলো যাতে আল্লাহৰ আদেশ পালন কৰাত তেওঁৰ সুবিধা হয়। যদি আল্লাহে বিচাৰিলেহেঁতেন তেন্তে ৰাছুলৰ পিছত অহা লোকে স্পষ্ট নিদৰ্শন পোৱাৰ পিছতো পৰস্পৰে মতভেদ নকৰিলেহেঁতেন। কিন্তু তথাপিও সিহঁতে মতভেদ কৰিলে আৰু বিভাজিত হৈ গল। সিহঁতৰ মাজৰ কিছুমানে আল্লাহৰ প্ৰতি ঈমান আনিলে আৰু কিছুমানে অস্বীকাৰ কৰিলে। অথচ আল্লাহে বিচাৰিলে সিহঁতে পাৰস্পাৰিক যুদ্ধ-বিগ্ৰহত লিপ্ত নহলেহেঁতেন। কিন্তু আল্লাহে যিটো বিচাৰে সেইটোৱে কৰে। এতেকে তেওঁ যাক বিচাৰে নিজ কৃপা আৰু দয়াত ঈমানৰ হিদায়ত দিয়ে আৰু যাক ইচ্ছা কৰে তেওঁৰ ন্যায় আৰু হিকমতেৰে পথভ্ৰষ্ট কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَنْفِقُوْا مِمَّا رَزَقْنٰكُمْ مِّنْ قَبْلِ اَنْ یَّاْتِیَ یَوْمٌ لَّا بَیْعٌ فِیْهِ وَلَا خُلَّةٌ وَّلَا شَفَاعَةٌ ؕ— وَالْكٰفِرُوْنَ هُمُ الظّٰلِمُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! ক্বিয়ামত সংঘটিত হোৱাৰ পূৰ্বে আমি প্ৰদান কৰা বিভিন্ন হালাল সম্পদৰ পৰা ব্যয় কৰা। কিয়নো ক্বিয়ামতৰ দিনা লাভদায়ক কোনো ব্যৱসায় নাথাকিব লগতে বিপদৰ পৰা ৰক্ষাকাৰী কোনো বন্ধত্বও কামত নাহিব। লগতে কোনো মধ্যস্ততাও সংকট দূৰ কৰিব নোৱাৰিব আৰু উপকাৰও কৰিব নোৱাৰিব। যেতিয়ালৈকে আল্লাহে কাৰো প্ৰতি সন্তুষ্ট হৈ মধ্যস্ততা কৰাৰ অনুমতি প্ৰদান নকৰিব। জানি থোৱা! প্ৰকৃত অন্যায়কাৰী হৈছে কাফিৰসকল কিয়নো সিহঁতে আল্লাহৰ লগত কুফুৰী কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اَللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَ ۚ— اَلْحَیُّ الْقَیُّوْمُ ۚ۬— لَا تَاْخُذُهٗ سِنَةٌ وَّلَا نَوْمٌ ؕ— لَهٗ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— مَنْ ذَا الَّذِیْ یَشْفَعُ عِنْدَهٗۤ اِلَّا بِاِذْنِهٖ ؕ— یَعْلَمُ مَا بَیْنَ اَیْدِیْهِمْ وَمَا خَلْفَهُمْ ۚ— وَلَا یُحِیْطُوْنَ بِشَیْءٍ مِّنْ عِلْمِهٖۤ اِلَّا بِمَا شَآءَ ۚ— وَسِعَ كُرْسِیُّهُ السَّمٰوٰتِ وَالْاَرْضَ ۚ— وَلَا یَـُٔوْدُهٗ حِفْظُهُمَا ۚ— وَهُوَ الْعَلِیُّ الْعَظِیْمُ ۟
আল্লাহ তেৱেঁই যাৰ বাহিৰে প্ৰকৃততে কোনো ইবাদতৰ যোগ্য নাই। উপাস্য একমাত্ৰ তেৱেঁই, তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ সম্পূৰ্ণ জীৱনৰ অধিকাৰী, সকলো ধৰণৰ অসম্পূৰ্ণতাৰ পৰা পৱিত্ৰ, তেওঁৰ জীৱনত কেতিয়াও মৃত্যু নাই। বিশ্বজগতৰ ধাৰক, যিজন স্বয়ং প্ৰতিষ্ঠিত। এতেকে তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী। তেওঁৰ দ্বাৰাই সকলো সৃষ্টি পৰিচালিত, সিহঁত কোনো অৱস্থাতেই তেওঁৰ অমুখাপেক্ষী নহয়। তেওঁ স্বয়ং প্ৰতিষ্ঠিত আৰু সম্পূৰ্ণ জীৱনৰ অধিকাৰী হোৱাৰ কাৰণে তেওঁক কলাঘূমটি আৰু টোপনিও নধৰে। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোৰে কেৱল তেৱেঁই মালিক। তেওঁৰ সন্তুষ্টি আৰু অনুমতি অবিহনে কোনেও ছুপাৰিছ কৰিব নোৱাৰে। তেওঁ মখলুকৰ সেই সকলো ঘটনা সম্পৰ্কে অৱগত যিবোৰ বিগত সময়ত সংঘটিত হৈছে আৰু যিবোৰ ভবিষ্যতত সংঘটিত হব। সিহঁতে তেওঁৰ জ্ঞানৰ অকণো আয়ত্ব কৰিব নোৱাৰে কিন্তু যিটো তেওঁ স্ব-ইচ্ছাই প্ৰদান কৰিব বিচাৰে সেয়া সুকীয়া বিষয়। তেওঁৰ কুৰছীৰ প্ৰশস্ততা আৰু মহানতাই – যিটো তেওঁৰ ভৰি থোৱাৰ ঠাই- আকাশমণ্ডল আৰু পৃথিৱী আৱৰি আছে। আকাশমণ্ডল আৰু পৃথিৱীৰ সংৰক্ষণ তেওঁৰ বাবে কোনো কঠিন বা ক্লান্তমূলক কাম নহয়। তেওঁ নিজৰ সত্ত্বা, শক্তি আৰু ক্ষমতাত সৰ্বোচ্চ লগতে ৰাজত্ব আৰু হুকুমতত মহান।
የአረብኛ ቁርኣን ማብራሪያ:
لَاۤ اِكْرَاهَ فِی الدِّیْنِ ۚ— قَدْ تَّبَیَّنَ الرُّشْدُ مِنَ الْغَیِّ ۚ— فَمَنْ یَّكْفُرْ بِالطَّاغُوْتِ وَیُؤْمِنْ بِاللّٰهِ فَقَدِ اسْتَمْسَكَ بِالْعُرْوَةِ الْوُثْقٰی ۗ— لَا انْفِصَامَ لَهَا ؕ— وَاللّٰهُ سَمِیْعٌ عَلِیْمٌ ۟
ইছলামত প্ৰৱেশ কৰিবলৈ কাকো বাধ্য কৰা নহব। কিয়নো এইটো সত্য আৰু স্পষ্ট দ্বীন। সেয়ে ইয়াত প্ৰৱেশ কৰিবলৈ কাকো বাধ্য কৰোৱাৰ প্ৰয়োজন নাই। নিশ্চয় হিদায়ত পথভ্ৰষ্টতাৰ পৰা পৃথক হৈছে। এতেকে যিয়ে আল্লাহৰ বাহিৰে যিবোৰ বস্তুৰ উপাসনা কৰা হয় সেই সকলোবোৰক অস্বীকাৰ কৰিব আৰু সিহঁতৰ পৰা সম্পৰ্কচ্ছেদ কৰিব লগতে কেৱল মাত্ৰ আল্লাহৰ প্ৰতি ঈমান পোষণ কৰিব, সি ক্বিয়ামতৰ দিনা মুক্তি লাভৰ বাবে দ্বীনৰ এনেকুৱা মজবুত ৰছী ধাৰণ কৰিলে যিটো কেতিয়াও নিছিঙিব। আৰু আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। আৰু তেওঁ সিহঁতক ইয়াৰ প্ৰতিদান দিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أن الله تعالى قد فاضل بين رسله وأنبيائه، بعلمه وحكمته سبحانه.
আল্লাহে তেওঁৰ নবী আৰু ৰাছুলসকলৰ মাজত তেওঁৰ জ্ঞান আৰু হিকমত অনুসাৰে প্ৰাধান্য প্ৰদান কৰিছে।

• إثبات صفة الكلام لله تعالى على ما يليق بجلاله، وأنه قد كلم بعض رسله كموسى ومحمد عليهما الصلاة والسلام.
আল্লাহৰ উপযুক্ত বাকশক্তিৰ বিশেষতাৰ প্ৰমাণ। আৰু নিশ্চয় তেওঁ কিছুমান ৰাছুলৰ লগত কথা পাতিছে। যেনে- মূছা আৰু মুহাম্মদ আলাইহিমাছ ছালাতু অচ্ছালাম।

• الإيمان والهدى والكفر والضلال كلها بمشيئة الله وتقديره، فله الحكمة البالغة، ولو شاء لهدى الخلق جميعًا.
ঈমান, হিদায়ত, কুফুৰী আৰু পথভ্ৰষ্টতা এই সকলো আল্লাহৰ ইচ্ছা আৰু তেওঁৰ পৰিমাপ মুতাবিক হয়। তেওঁ পৰম প্ৰজ্ঞাৱান। তেওঁ ইচ্ছা কৰিলে সকলো সৃষ্টিকে হিদায়ত দিলেহেঁতেন।

• آية الكرسي هي أعظم آية في كتاب الله، لما تضمنته من ربوبية الله وألوهيته وبيان أوصافه .
আয়াতুল কুৰছী কোৰআনৰ আটাইতকৈ মহান আয়াত। কিয়নো ইয়াৰ ভিতৰত আল্লাহৰ ৰূবুবিয়্যত, উলুহিয়্যত আৰু গুণাৱলীৰ বিৱৰণ আছে।

• اتباع الإسلام والدخول فيه يجب أن يكون عن رضًا وقَبول، فلا إكراه في دين الله تعالى.
ইছলামৰ অনুসৰণ আৰু তাত প্ৰৱেশ ইচ্ছা আৰু সন্তুষ্টি সহকাৰে হোৱা অনিবাৰ্য। আল্লাহৰ দ্বীনত কোনো জোৰ-জবৰদস্তি নাই।

• الاستمساك بكتاب الله وسُنَّة رسوله أعظم وسيلة للسعادة في الدنيا، والفوز في الآخرة.
আল্লাহৰ কিতাপ আৰু তেওঁৰ ৰাছুলৰ ছুন্নতক মজবুত ভাৱে ধাৰণ কৰা পৃথিৱীত সূখ-শান্তি আৰু আখিৰাতত সফলতাৰ ডাঙৰ মাধ্যম।

 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት