Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
سَیَقُوْلُ السُّفَهَآءُ مِنَ النَّاسِ مَا وَلّٰىهُمْ عَنْ قِبْلَتِهِمُ الَّتِیْ كَانُوْا عَلَیْهَا ؕ— قُلْ لِّلّٰهِ الْمَشْرِقُ وَالْمَغْرِبُ ؕ— یَهْدِیْ مَنْ یَّشَآءُ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟
অজ্ঞান তথা নিৰ্বোধ ইয়াহুদী আৰু সিহঁতৰ লগত হয় ভৰ দিয়া মুনাফিকসকলে নিশ্চয় কব যে, ইতিপূৰ্বে দেখুন মুছলিমসকলৰ কিবলা বাইতুল মাক্বদিছ আছিল, এতিয়া কিয় সেই কিবলা পৰিত্যাগ কৰিলে? হে নবী! আপুনি কৈ দিয়ক, পূৱ, পশ্চিম আৰু সকলো দিশৰ ৰাজত্ব কেৱল আল্লাহৰেই। তেওঁ তেওঁৰ বান্দাসকলক যিপিনে ইচ্ছা সেই পিনেই মুখ কৰিবলৈ আদেশ দিব পাৰে। তেওঁ নিজ বান্দাসকলৰ যাকে ইচ্ছা তাকেই পোন বাটৰ হিদায়ত দিয়ে যি বাটত কোনো বক্ৰতা নাই আৰু ভ্ৰষ্টতাও নাই।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَذٰلِكَ جَعَلْنٰكُمْ اُمَّةً وَّسَطًا لِّتَكُوْنُوْا شُهَدَآءَ عَلَی النَّاسِ وَیَكُوْنَ الرَّسُوْلُ عَلَیْكُمْ شَهِیْدًا ؕ— وَمَا جَعَلْنَا الْقِبْلَةَ الَّتِیْ كُنْتَ عَلَیْهَاۤ اِلَّا لِنَعْلَمَ مَنْ یَّتَّبِعُ الرَّسُوْلَ مِمَّنْ یَّنْقَلِبُ عَلٰی عَقِبَیْهِ ؕ— وَاِنْ كَانَتْ لَكَبِیْرَةً اِلَّا عَلَی الَّذِیْنَ هَدَی اللّٰهُ ؕ— وَمَا كَانَ اللّٰهُ لِیُضِیْعَ اِیْمَانَكُمْ ؕ— اِنَّ اللّٰهَ بِالنَّاسِ لَرَءُوْفٌ رَّحِیْمٌ ۟
যিদৰে আমি তোমালোকৰ বাবে নিজৰ পছন্দ অনুযায়ী কিবলা নিৰ্বাচন কৰিছো, সেইদৰে আমি তোমালোকক আক্বীদাহ, ইবাদত আৰু লেনদেনৰ ক্ষেত্ৰতো সকলো উম্মতৰ মাজত উত্তম, ন্যায় পথত পৰিচালিত তথা মধ্যৱৰ্তী উম্মত বনাইছো। যাতে তোমালোকে কিয়ামতৰ দিনা সকলো ৰাছুলৰ সপক্ষে সাক্ষী হব পাৰা যে, তেওঁলোকে নিজ উম্মতক আল্লাহৰ দ্বীন পৌঁচাই দিছিল। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকৰ বিষয়ে এই সাক্ষ্য প্ৰদান কৰিব যে, তেওঁ তোমালোকক আল্লাহৰ দ্বীন পৌঁচাই দিছে। আৰু আমি বাইতুল মাক্বদিছৰ ঠাইত কাবা ঘৰক কিবলা এই কাৰণে বনাইছো, যাতে এই কথা স্পষ্ট হয় যে, আল্লাহৰ ফয়চালাত কোন সন্তুষ্ট হৈ শিৰ নত কৰে আৰু ৰাছুলৰ অনুসৰণ কৰে। লগতে এই কথাও যাতে স্পষ্ট হয় যে, কোন তেওঁৰ ধৰ্মৰ পৰা আঁতৰি প্ৰবৃত্তিৰ অনুসৰণ কৰে আৰু আল্লাহৰ ফয়চালাক অৱজ্ঞা কৰে। যদিও প্ৰথম কিবলা পৰিবৰ্তনৰ আদেশটো আছিল বৰ ডাঙৰ বিষয়, কিন্তু যিয়ে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু এই কথা বিশ্বাস কৰে যে, আল্লাহৰ কোনো আদেশেই ৰহস্যহীন নহয় তেনে ব্যক্তিৰ বাবে এই আদেশটো কোনো ডাঙৰ কথা নহয়। আৰু আল্লাহে তোমালোকৰ ঈমান বিনষ্ট নকৰিব; কিবলা পৰিবৰ্তন হোৱাৰ পূৰ্বে আদায় কৰা ছলাতসমূহ ঈমানৰেই অন্তৰ্ভুক্ত। প্ৰকৃততে আল্লাহ মানুহৰ বাবে অত্যন্ত কৰুণাময়, দয়াৱান। সেয়ে তেওঁ তোমালোকক কষ্টও দিব নিবিচাৰে আৰু তোমালোকৰ কৰ্মকো ব্যৰ্থ কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
قَدْ نَرٰی تَقَلُّبَ وَجْهِكَ فِی السَّمَآءِ ۚ— فَلَنُوَلِّیَنَّكَ قِبْلَةً تَرْضٰىهَا ۪— فَوَلِّ وَجْهَكَ شَطْرَ الْمَسْجِدِ الْحَرَامِ ؕ— وَحَیْثُ مَا كُنْتُمْ فَوَلُّوْا وُجُوْهَكُمْ شَطْرَهٗ ؕ— وَاِنَّ الَّذِیْنَ اُوْتُوا الْكِتٰبَ لَیَعْلَمُوْنَ اَنَّهُ الْحَقُّ مِنْ رَّبِّهِمْ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا یَعْمَلُوْنَ ۟
হে নবী! আমি আপোনাৰ মুখমণ্ডল আৰু দৃষ্টিক বাৰে বাৰে আকাশৰ পিনে উঠোৱা লক্ষ্য কৰিছো। আপুনি এই আশাত আছে যে, আপোনাৰ পছন্দৰ কিবলাৰ পিনে মুখ কৰি ছালাত আদায় কৰাৰ অনুমতি প্ৰাপ্ত হওঁক। এতেকে আমি অনতিপলমে বৰ্তমানৰ কিবলা বাইতুল মাক্বদিছৰ পৰিবৰ্তে আপোনাৰ পছন্দৰ কিবলা অৰ্থাৎ কাবা ঘৰৰ পিনে মুখ ঘূৰাই দিম। গতিকে এতিয়া মক্কাত অৱস্থিত পৱিত্ৰ ঘৰৰ পিনে মুখ কৰি লওঁক। হে মুছলিমসকল! তোমালোকে য’তে নাথাকা কিয়, ছালাতৰ সময়ত সেই পিনেই মুখ কৰি ছালাত আদায় কৰিবা। দৰাচলতে ইয়াহুদী আৰু খৃষ্টানসকলে এই কথা অৱগত যে, কিবলা পৰিবৰ্তনৰ আদেশ সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা আহিছে আৰু ইয়াৰ সত্যতাত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। কিয়নো সিহঁতৰ পুথিত ইয়াৰ উল্লেখ আছে। এনেকুৱা সত্যৰ পৰা পলায়নকাৰী সকলৰ কৰ্ম সম্পৰ্কে আল্লাহ অমনোযোগী নহয়। বৰং আল্লাহ সেই বিষয়ে সম্যক অৱগত আৰু সিহঁতক ইয়াৰ প্ৰতিদান দিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَىِٕنْ اَتَیْتَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ بِكُلِّ اٰیَةٍ مَّا تَبِعُوْا قِبْلَتَكَ ۚ— وَمَاۤ اَنْتَ بِتَابِعٍ قِبْلَتَهُمْ ۚ— وَمَا بَعْضُهُمْ بِتَابِعٍ قِبْلَةَ بَعْضٍ ؕ— وَلَىِٕنِ اتَّبَعْتَ اَهْوَآءَهُمْ مِّنْ بَعْدِ مَا جَآءَكَ مِنَ الْعِلْمِ ۙ— اِنَّكَ اِذًا لَّمِنَ الظّٰلِمِیْنَ ۟ۘ
আল্লাহৰ শপত! হে নবী আপুনি যদি আহলে কিতাব অৰ্থাৎ ইয়াহুদী আৰু খৃষ্টানৰ সন্মুখত সকলো প্ৰকাৰৰ নিদৰ্শন ও দলীল-প্ৰমাণ দাঙি ধৰি প্ৰমাণ কৰে যে, কিবলা পৰিবৰ্তন হোৱাৰ আদেশ সত্য; তথাপিও সিহঁতে শত্ৰুতা আৰু সত্যৰ অনুসৰণৰ পৰা অহংকাৰ কৰি আপোনাৰ কিবলাৰ পিনে মুখ নকৰিব। আনহাতে আপুনিও সিহঁতৰ কিবলাৰ অনুসৰণ নকৰিব যিহেতু আল্লাহে আপোনাক তাৰ পৰা ওভোতাই আনিছে। বৰং সিহঁতৰো কোনো পক্ষই ইজনে সিজনৰ কিবলাৰ অনুসৰণ নকৰিব। কাৰণ সিহঁতৰ প্ৰত্যেক দলে ইজনে সিজনক কাফিৰ বুলি ভাৱে। যদি আপুনি কিবলা তথা আন কোনো চৰীয়তি বিষয়ৰ ক্ষেত্ৰত, আপোনাৰ ওচৰত সন্দেহমুক্ত সঠিক জ্ঞান অহাৰ পিছতো সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে তেন্তে নিশ্চয় আপুনি হিদায়ত ত্যাগ কৰি প্ৰবৃত্তিৰ অনুসৰণত লিপ্ত হোৱাৰ ফলত অন্যায়কাৰী সকলৰ অন্তৰ্ভুক্ত হৈ যাব। এই কথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰি এই কাৰণেই কোৱা হৈছে যাতে আহলে কিতাবৰ অনুসৰণৰ ক্ষতি ও ভয়াৱহতা স্পষ্ট কৰিব পৰা যায়। অন্যথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণৰ পৰা স্বয়ং আল্লাহে সুৰক্ষা প্ৰদান কৰিছে। দৰাচলতে এয়া তেখেতৰ উম্মতৰ বাবে সতৰ্কবাণী।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أن الاعتراض على أحكام الله وشرعه والتغافل عن مقاصدها دليل على السَّفَه وقلَّة العقل.
আল্লাহৰ আহকাম তথা তেওঁৰ চৰীয়তৰ প্ৰতি অভিযোগ আৰু ইয়াৰ উদ্দেশ্যক আওকাণ কৰাটো হৈছে নিৰ্বোধতা ও অজ্ঞতাৰ প্ৰমাণ।

• فضلُ هذه الأمة وشرفها، حيث أثنى عليها الله ووصفها بالوسطية بين سائر الأمم.
এই উম্মতৰ প্ৰতিষ্ঠা আৰু মৰ্যদাৰ বিৱৰণ। কিয়নো আল্লাহে এই উম্মতৰ প্ৰশংসা কৰিছে তথা ইয়াক সকলো উম্মতৰ মাজত মধ্যৱৰ্তী উম্মত হিচাপে স্বীকৃতি দিছে।

• التحذير من متابعة أهل الكتاب في أهوائهم؛ لأنهم أعرضوا عن الحق بعد معرفته.
আহলে কিতাবৰ প্ৰবৃত্তিৰ অনুসৰণৰ পৰা সাৱধান কৰা। কাৰণ সিহঁতে সত্য জনাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লৈছে।

• جواز نَسْخِ الأحكام الشرعية في الإسلام زمن نزول الوحي، حيث نُسِخَ التوجه إلى بيت المقدس، وصار إلى المسجد الحرام.
ইছলামত অহী অৱতীৰ্ণ হোৱাৰ কালত চৰীয়তি বিধান ৰহিত কৰাৰ বৈধতা। কিয়নো বাইতুল মাক্বদিছৰ পিনে মুখ কৰাৰ বিধান ৰহিত কৰি মছজিদে হাৰামৰ পিনে মুখ কৰাৰ আদেশ দিয়া হৈছে।

 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት