Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
اِنَّ فِیْ خَلْقِ السَّمٰوٰتِ وَالْاَرْضِ وَاخْتِلَافِ الَّیْلِ وَالنَّهَارِ وَالْفُلْكِ الَّتِیْ تَجْرِیْ فِی الْبَحْرِ بِمَا یَنْفَعُ النَّاسَ وَمَاۤ اَنْزَلَ اللّٰهُ مِنَ السَّمَآءِ مِنْ مَّآءٍ فَاَحْیَا بِهِ الْاَرْضَ بَعْدَ مَوْتِهَا وَبَثَّ فِیْهَا مِنْ كُلِّ دَآبَّةٍ ۪— وَّتَصْرِیْفِ الرِّیٰحِ وَالسَّحَابِ الْمُسَخَّرِ بَیْنَ السَّمَآءِ وَالْاَرْضِ لَاٰیٰتٍ لِّقَوْمٍ یَّعْقِلُوْنَ ۟
নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিত আৰু এই দুয়োৰ মাজত থকা অদ্ভূত সৃষ্টিৰ মাজত লগতে দিন ৰাতিৰ আৱৰ্তনত আৰু খাদ্য, বস্ত্ৰ আৰু ব্যৱসায়-বাণিজ্যৰ পণ্য আদি মানুহৰ লাগতীয়াল বস্তু লৈ সাগৰত চলাচল কৰা জাহাজৰ মাজত আৰু আল্লাহে আকাশৰ পৰা অৱতীৰ্ণ কৰা পানীৰ মাজত, যাৰ দ্বাৰা আল্লাহে পৃথিৱীক সজীৱ কৰি তোলে আৰু যাৰ দ্বাৰা উত্পাদন হয় শস্য আৰু ঘাঁহ-বন লগতে পৃথিৱীত বসবাস কৰা বিভিন্ন প্ৰকাৰৰ প্ৰাণীৰ মাজত আৰু বতাহক ইমূৰৰ পৰা সিমূৰলৈ ঘূৰাই দিয়াৰ মাজত আৰু আকাশত উৰি ফুৰা মেঘৰ মাজত, এই সকলোবোৰৰ মাজত আছে আল্লাহৰ একত্ববাদৰ স্পষ্ট প্ৰমাণ। সেই ব্যক্তিৰ বাবে যিয়ে প্ৰমাণ বুজি পায়।
የአረብኛ ቁርኣን ማብራሪያ:
وَمِنَ النَّاسِ مَنْ یَّتَّخِذُ مِنْ دُوْنِ اللّٰهِ اَنْدَادًا یُّحِبُّوْنَهُمْ كَحُبِّ اللّٰهِ ؕ— وَالَّذِیْنَ اٰمَنُوْۤا اَشَدُّ حُبًّا لِّلّٰهِ ؕ— وَلَوْ یَرَی الَّذِیْنَ ظَلَمُوْۤا اِذْ یَرَوْنَ الْعَذَابَ ۙ— اَنَّ الْقُوَّةَ لِلّٰهِ جَمِیْعًا ۙ— وَّاَنَّ اللّٰهَ شَدِیْدُ الْعَذَابِ ۟
এই স্পষ্ট প্ৰমাণসমূহ আৰু নিদৰ্শনসমূহৰ পিছতো কিছুমান মানুহ এনেকুৱা আছে, যিসকলে আনক আল্লাহৰ সমকক্ষ আৰু সমতুল্য কৰি লয়। আৰু সিহঁতৰ লগতো তেনেকুৱাই মুহাব্বত কৰে যেনেকুৱা মুহাব্বত আল্লাহৰ লগত কৰে। আনহাতে এই অসত্য উপাস্যবোৰক ইহঁতে যিমান ভালপায় তাতোকৈ অধিক ঈমান্দাৰসকলে আল্লাহক ভালপায়। কিয়নো তেওঁলোকে কাকো আল্লাহৰ সমকক্ষ নকৰে। লগতে সুখ-দুখ উভয় অৱস্থাতেই আল্লাহক ভালপায়। আনহাতে অসত্য উপাস্যবোৰৰ পূজাৰীসকলে কেৱল সুখৰ সময়ত সিহঁতক ভালপায় আৰু দুখৰ সময়ত কেৱল আল্লাহৰ ওচৰতহে প্ৰাৰ্থনা কৰে। শ্বিৰ্ক আৰু গুনাহত লিপ্ত যালিমসকলে আখিৰাতত শাস্তি দেখি সিহঁতৰ যি অৱস্থা হব সেয়া যদি আজি দেখিলেহেঁতেন তেন্তে বিশ্বাস কৰিলেহেঁতেন যে, বিশ্বজগতত কেৱল আল্লাহেই সৰ্বশক্তিমান। নিশ্চয় তেওঁ পাপিষ্ঠসকলক অতি কঠোৰ শাস্তি প্ৰদান কৰিব। যদি সিহঁতে সেই অৱস্থা দেখিলেহেঁতেন তেন্তে কেতিয়াও আল্লাহৰ লগত অংশী স্থাপন নকৰিলেহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
اِذْ تَبَرَّاَ الَّذِیْنَ اتُّبِعُوْا مِنَ الَّذِیْنَ اتَّبَعُوْا وَرَاَوُا الْعَذَابَ وَتَقَطَّعَتْ بِهِمُ الْاَسْبَابُ ۟
এইটো সেই সময়ত হব যেতিয়া পৃথিৱীত অনুসৰণ কৰা নেতাসকল কিয়ামত দিৱসৰ ভিষণ পৰিস্থিতি দেখি নিজৰ দুৰ্বল অনুসাৰীসকলৰ পৰা আঁতৰি যাব। লগতে যেতিয়া অনুসাৰীসকলৰ মুক্তিৰ সকলো মাধ্যম বিচ্ছিন্ন হব।
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالَ الَّذِیْنَ اتَّبَعُوْا لَوْ اَنَّ لَنَا كَرَّةً فَنَتَبَرَّاَ مِنْهُمْ كَمَا تَبَرَّءُوْا مِنَّا ؕ— كَذٰلِكَ یُرِیْهِمُ اللّٰهُ اَعْمَالَهُمْ حَسَرٰتٍ عَلَیْهِمْ ؕ— وَمَا هُمْ بِخٰرِجِیْنَ مِنَ النَّارِ ۟۠
দুৰ্বল অনুসাৰীসকলে কবঃ হায়! আমি যদি পুনৰ পৃথিৱীত উভতি যোৱাৰ অৱকাশ পালোহেঁতেন! তেন্তে আমিও আমাৰ নেতাসকলৰ পৰা সেইদৰেই সম্পৰ্ক বিচ্ছিন্ন কৰিলোহেঁতেন যিদৰে সিহঁতে আজি আমাৰ লগত কৰিছে। দৰাচলতে আল্লাহে সিহঁতক আখিৰাতৰ কঠিন শাস্তি দেখুৱাব লগতে সিহঁতৰ নেতাসকলৰ অসত্য অনুসৰণৰ শাস্তিও দেখুৱাব, লাঞ্ছিত ও অপমান কৰাৰ বাবে। আৰু সিহঁত জাহান্নামৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا النَّاسُ كُلُوْا مِمَّا فِی الْاَرْضِ حَلٰلًا طَیِّبًا ؗ— وَّلَا تَتَّبِعُوْا خُطُوٰتِ الشَّیْطٰنِ ؕ— اِنَّهٗ لَكُمْ عَدُوٌّ مُّبِیْنٌ ۟
হে মানৱজাতি! পৃথিৱীত উপলব্ধ জীৱ-জন্তু, গছ, তৃণ-লতা আদিৰ যিবোৰ হালালৰূপে প্ৰাপ্ত হয় লগতে যিবোৰ পৱিত্ৰ সেইবোৰ তোমালোকে ভক্ষণ কৰা। আৰু চয়তানৰ পদানুসৰণ নকৰিবা। নিশ্চয় চয়তান তোমালোকৰ প্ৰকাশ্য শত্ৰু। এতেকে কোনো বুদ্ধিমান ব্যক্তিয়ে কেতিয়াও নিজৰ শত্ৰুৰ কথা মতে নচলিব, যি শত্ৰুৱে সদায় তাক নিৰ্যাতন কৰিবলৈ আৰু পথভ্ৰষ্ট কৰিবলৈ প্ৰয়াস কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّمَا یَاْمُرُكُمْ بِالسُّوْٓءِ وَالْفَحْشَآءِ وَاَنْ تَقُوْلُوْا عَلَی اللّٰهِ مَا لَا تَعْلَمُوْنَ ۟
সি তোমালোকক ঘৃণনীয় পাপ কৰ্ম আৰু ডাঙৰ ডাঙৰ গুনাহৰ আদেশ দিয়ে, লগতে সি তোমালোকক এই প্ৰেৰণাও যোগায় যে, তোমালোকে যাতে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ পৰা পোৱা জ্ঞান অবিহনে আক্বীদাহ আৰু চৰীয়ত সম্পৰ্কে কথা কোৱা তথা আল্লাহৰ ওপৰত মিছা আৰোপ কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المؤمنون بالله حقًّا هم أعظم الخلق محبة لله؛ لأنهم يطيعونه على كل حال في السراء والضراء، ولا يشركون معه أحدًا.
আল্লাহৰ প্ৰতি প্ৰকৃত ঈমান পোষণ কৰা মুমিনে আল্লাহক আটাইতকৈ বেছি ভালপায়। কিয়নো এনেকুৱা ব্যক্তিয়ে সুখ-দুখ উভয় অৱস্থাতেই আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ লগত কাকো অংশী স্থাপন নকৰে।

• في يوم القيامة تنقطع كل الروابط، ويَبْرَأُ كل خليل من خليله، ولا يبقى إلا ما كان خالصًا لله تعالى.
কিয়ামতৰ দিনা সকলো ধৰণৰ সম্পৰ্ক বিচ্ছিন্ন হব। কোনো প্ৰিয় বন্ধুৱে আন কোনো বন্ধুৰ কোনো উপকাৰত নাহিব। অৱশেষত কেৱল বাকী থাকিব সেই আমল যিটো নিৰ্ভেজাল ভাৱে আল্লাহৰ বাবে কৰা হৈছিল।

• التحذير من كيد الشيطان لتنوع أساليبه وخفائها وقربها من مشتهيات النفس.
চয়তানৰ প্ৰৱঞ্চনাৰ পৰা সাৱধান কৰা হৈছে। কিয়নো সি বিভিন্ন প্ৰকাৰৰ ষড়যন্ত্ৰ কৰে। যিবোৰ অদৃশ্য আৰু মানৱ প্ৰকৃতিৰ অনুকূল হয়।

 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት