Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِذَا تَدَایَنْتُمْ بِدَیْنٍ اِلٰۤی اَجَلٍ مُّسَمًّی فَاكْتُبُوْهُ ؕ— وَلْیَكْتُبْ بَّیْنَكُمْ كَاتِبٌ بِالْعَدْلِ ۪— وَلَا یَاْبَ كَاتِبٌ اَنْ یَّكْتُبَ كَمَا عَلَّمَهُ اللّٰهُ فَلْیَكْتُبْ ۚ— وَلْیُمْلِلِ الَّذِیْ عَلَیْهِ الْحَقُّ وَلْیَتَّقِ اللّٰهَ رَبَّهٗ وَلَا یَبْخَسْ مِنْهُ شَیْـًٔا ؕ— فَاِنْ كَانَ الَّذِیْ عَلَیْهِ الْحَقُّ سَفِیْهًا اَوْ ضَعِیْفًا اَوْ لَا یَسْتَطِیْعُ اَنْ یُّمِلَّ هُوَ فَلْیُمْلِلْ وَلِیُّهٗ بِالْعَدْلِ ؕ— وَاسْتَشْهِدُوْا شَهِیْدَیْنِ مِنْ رِّجَالِكُمْ ۚ— فَاِنْ لَّمْ یَكُوْنَا رَجُلَیْنِ فَرَجُلٌ وَّامْرَاَتٰنِ مِمَّنْ تَرْضَوْنَ مِنَ الشُّهَدَآءِ اَنْ تَضِلَّ اِحْدٰىهُمَا فَتُذَكِّرَ اِحْدٰىهُمَا الْاُخْرٰی ؕ— وَلَا یَاْبَ الشُّهَدَآءُ اِذَا مَا دُعُوْا ؕ— وَلَا تَسْـَٔمُوْۤا اَنْ تَكْتُبُوْهُ صَغِیْرًا اَوْ كَبِیْرًا اِلٰۤی اَجَلِهٖ ؕ— ذٰلِكُمْ اَقْسَطُ عِنْدَ اللّٰهِ وَاَقْوَمُ لِلشَّهَادَةِ وَاَدْنٰۤی اَلَّا تَرْتَابُوْۤا اِلَّاۤ اَنْ تَكُوْنَ تِجَارَةً حَاضِرَةً تُدِیْرُوْنَهَا بَیْنَكُمْ فَلَیْسَ عَلَیْكُمْ جُنَاحٌ اَلَّا تَكْتُبُوْهَا ؕ— وَاَشْهِدُوْۤا اِذَا تَبَایَعْتُمْ ۪— وَلَا یُضَآرَّ كَاتِبٌ وَّلَا شَهِیْدٌ ؕ۬— وَاِنْ تَفْعَلُوْا فَاِنَّهٗ فُسُوْقٌ بِكُمْ ؕ— وَاتَّقُوا اللّٰهَ ؕ— وَیُعَلِّمُكُمُ اللّٰهُ ؕ— وَاللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যেতিয়া তোমালোকে নিৰ্ধাৰিত সময়ৰ বাবে পৰস্পৰে ঋণ লেনদেন কৰিবা, তেতিয়া সেই ঋণ লিখি ৰাখিবা। আৰু তোমালোকৰ মাজত কোনোবা লিখকে, চৰীয়ত অনুসাৰে, সততা আৰু ন্যায়ভাৱে লিখি দিয়া উচিত। আল্লাহে যিদৰে তাক ন্যায়ভাৱে লিখিবলৈ শিকাইছে সেইদৰে লিখিবলৈ অস্বীকাৰ কৰিব নালাগে। ঋণগ্ৰহীতাই যিদৰে লিখিবলৈ কয় সেইদৰে লিখা উচিত। যাতে এয়া ঋণগ্ৰহীতাৰ ফালৰ পৰা স্বীকৃতিনামা হৈ থাকে। ঋণগ্ৰহীতাই আল্লাহক ভয় কৰা উচিত লগতে ঋণৰ পৰিমাণ, প্ৰকাৰ আৰু ধৰণ লিখাওঁতে হ্ৰাস কৰিব নালাগে। যদি ঋণগ্ৰহীতা সক্ষম নহয়, শৈশৱ বা উন্মাদ হোৱাৰ কাৰণে যদি কৰ্তব্য পালনত ব্যৰ্থ হয় অথবা বোবা হোৱাৰ কাৰণে মুখেৰে কৈ লিখাবলৈ সক্ষম নহয় তেন্তে এইবোৰ অৱস্থাত তাৰ ফালৰ পৰা এজন সংৰক্ষকে সততা আৰু ন্যায়ৰ সৈতে লিখোৱাব। লগতে দুজন বুদ্ধিমান নিৰপেক্ষ আৰু নিৰ্ভৰযোগ্য ব্যক্তিক সাক্ষী বনোৱা। যদি দুজন পুৰুষ পোৱা নাযায় তেন্তে এজন পুৰুষ আৰু দুজনী মহিলা হলেই যথেষ্ট হব, এনেকুৱা ব্যক্তি যাৰ দ্বীনদাৰী আৰু সততা সম্পৰ্কে তোমালোক সন্তুষ্ট। (দুজনী মহিলা হোৱাৰ কাৰণ হৈছে) যদি এজনীয়ে পাহৰি যায়, আনজনীয়ে স্মৰণ কৰাই দিব। আৰু সাক্ষীসকলৰ ওচৰত যেতিয়া সাক্ষ্য বিচৰা হব তেতিয়া যেন সিহঁতে পিছুৱাই নাযায়। সিহঁতক সাক্ষ্য দিয়াৰ বাবে মাতিলে সিহঁতে যেন উপস্থিত হয়। আৰু নিৰ্ধাৰিত সময়ৰ বাবে লোৱা ঋণৰ লেনদেন কম হওঁক বা বেছি, লিখোঁতে যাতে কোনেও সংকোচবোধ নকৰে। কিয়নো ঋণৰ তথ্যপাতি লিখি ৰখাটো আল্লাহৰ চৰীয়ত মতে অধিক ন্যায়সংগত, সাক্ষ্য প্ৰতিষ্ঠা কৰাত আৰু ঋণ আদায়ত সহায়ক লগতে ঋণৰ পৰিমাণ, ইয়াৰ ধৰণ আৰু ইয়াৰ নিৰ্ধাৰিত সময় সম্পৰ্কীয় সকলো প্ৰকাৰ সন্দেহ দূৰ কৰাত অধিক ফলপ্ৰসূ। হয়, সেই সময়ত লিখাৰ কোনো প্ৰয়োজন নাই যেতিয়া নগদ লেনদেন কৰা হয়। সেয়ে এইটো নিলিখিলেও কোনো গুনাহ নহয়। দৰাচলতে সাক্ষ্য প্ৰদানৰ নিয়ম এই কাৰণে বনোৱা হৈছে যাতে বিবাদৰ কাৰণসমূহ সমাপ্ত কৰা যায়। লগতে এই স্পষ্ট থাকে যে, লিখক আৰু সাক্ষীক ক্ষতিসাধন কৰা কেতিয়াও বৈধ নহয়। এইদৰে সেই ব্যক্তিকো ক্ষতি কৰা বৈধ নহয় যিয়ে লিখিবলৈ বা সাক্ষ্য দিবলৈ নিবেদন কৰে। যদি সিহঁতক ক্ষতি কৰা হয় তেন্তে সি আল্লাহৰ আনুগত্যৰ পৰা আঁতৰি অবাধ্যতাৰ অন্তৰ্ভুক্ত হব। হে ঈমান্দাৰসকল! আল্লাহক ভয় কৰা, তেওঁৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তু পৰিত্যাগ কৰা। আল্লাহে তোমালোকক সেইসমূহ কথাৰ শিক্ষা দিয়ে যিবোৰ পৃথিৱী আৰু আখিৰাতত তোমালোকৰ বাবে কল্যাণকৰ। আৰু আল্লাহ সকলো বস্তু সম্পৰ্কে সম্যক অৱগত, সেয়ে কোনো বস্তু তেওঁৰ পৰা গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب تسمية الأجل في جميع المداينات وأنواع الإجارات.
বিবাদ আৰু মনমালিন্য দূৰ কৰাৰ বাবে ঋণ তথা সকলো আৰ্থিক বিষয়ত নথিপত্ৰ প্ৰস্তুত কৰি ৰাখিব লাগে।

অসমৰ্থ লোকৰ বাবে আন কাৰোবাক সংৰক্ষক নিৰ্ধাৰণ কৰিব লাগে, সেয়া শাৰীৰিক অক্ষমতা হওঁক বা জ্ঞান-বুদ্ধিৰ অক্ষমতা অথবা বয়স কম হোৱাৰ কাৰণে হওঁক।

ঋণ আৰু অধিকাৰৰ স্বীকৃতিৰ ক্ষেত্ৰত সাক্ষী ৰাখিব লাগে।

লিখন কাৰ্যৰ পূৰ্ণতা আৰু ন্যায় কৰ্তব্যৰ দাবী হৈছে লিখকে ভালদৰে লিখিব লাগে লগতে বিষয়টো সন্মুখত ৰাখি সেই অনুসাৰে নিৰ্ভৰযোগ্য শব্দ চয়ন কৰা উচিত।

অধিকাৰৰ নথিপত্ৰ প্ৰস্তুত কৰোঁতে কাকো ক্ষতি কৰা বৈধ নহয়। অধিকাৰী ব্যক্তিৰ ফালৰ পৰাও ক্ষতি কৰা বৈধ নহয়, লিখক আৰু সাক্ষীৰ ফালৰ পৰাও বৈধ নহয়।

 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት