Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
وَاِذْ قُلْنَا ادْخُلُوْا هٰذِهِ الْقَرْیَةَ فَكُلُوْا مِنْهَا حَیْثُ شِئْتُمْ رَغَدًا وَّادْخُلُوا الْبَابَ سُجَّدًا وَّقُوْلُوْا حِطَّةٌ نَّغْفِرْ لَكُمْ خَطٰیٰكُمْ ؕ— وَسَنَزِیْدُ الْمُحْسِنِیْنَ ۟
স্মৰণ কৰা এই অনুগ্ৰহটোক যেতিয়া আমি তোমালোকক কৈছিলোঃ বাইতুল মাকদিছত প্ৰৱেশ কৰা, আৰু তাৰ মাজত য’ৰ পৰা ইচ্ছা স্বাচ্ছন্দে পৱিত্ৰ জীৱিকা গ্ৰহণ কৰা। কিন্তু প্ৰৱেশ কৰাৰ সময়ত শিৰ নত কৰি প্ৰৱেশ কৰিবা। আৰু আল্লাহৰ ওচৰত এই বুলি দুআ কৰিবাঃ “হে আল্লাহ! আমাৰ গুনাহসমূহ ক্ষমা কৰা”। আমি তোমালোকৰ দুআ কবুল কৰিম। বৰং আন্তৰিকতাৰে সত্কৰ্ম পালনকাৰীক তাৰ সত্কৰ্মৰ ফলস্বৰূপে তাতোকৈ অধিক ছোৱাব প্ৰদান কৰিম।
የአረብኛ ቁርኣን ማብራሪያ:
فَبَدَّلَ الَّذِیْنَ ظَلَمُوْا قَوْلًا غَیْرَ الَّذِیْ قِیْلَ لَهُمْ فَاَنْزَلْنَا عَلَی الَّذِیْنَ ظَلَمُوْا رِجْزًا مِّنَ السَّمَآءِ بِمَا كَانُوْا یَفْسُقُوْنَ ۟۠
কিন্তু অন্যায়কাৰী বিলাকে কথা আৰু কৰ্ম দুয়োটা পৰিবৰ্তন কৰিলে। আৰু নিজৰ নিতম্ব চোঁচোৰাই প্ৰৱেশ কৰিলে আৰু আল্লাহৰ আদেশ উপলুঙা কৰি এই বাক্য দোহাৰিলে, হাব্বাতুন ফি শ্বাৰাতিন। ফলত আল্লাহে সেইসকল অন্যায়কাৰীৰ ওপৰত চৰীয়তৰ সীমালংঘন আৰু আদেশ অৱহেলা কৰাৰ কাৰণে আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিলে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذِ اسْتَسْقٰی مُوْسٰی لِقَوْمِهٖ فَقُلْنَا اضْرِبْ بِّعَصَاكَ الْحَجَرَ ؕ— فَانْفَجَرَتْ مِنْهُ اثْنَتَا عَشْرَةَ عَیْنًا ؕ— قَدْ عَلِمَ كُلُّ اُنَاسٍ مَّشْرَبَهُمْ ؕ— كُلُوْا وَاشْرَبُوْا مِنْ رِّزْقِ اللّٰهِ وَلَا تَعْثَوْا فِی الْاَرْضِ مُفْسِدِیْنَ ۟
স্মৰণ কৰা সেই অনুগ্ৰহটোক যেতিয়া তোমালোকে ময়দানে তীহত ইনাই বিনাই ঘূৰি আছিলা আৰু তোমালোকক প্ৰচণ্ড পিয়াহ লাগিছিল। তেতিয়া মূছা আলাইহিছ ছালামে নিজ প্ৰতিপালকৰ ওচৰত তোমালোকৰ বাবে পানীৰ প্ৰাৰ্থনা কৰিলে। ফলত আমি লাঠিৰে শিলত সজোৰে আঘাত কৰিবলৈ নিৰ্দেশ দিলো। যেতিয়া তেওঁ শিলত আঘাত কৰিলে তেতিয়া তাৰ পৰা বাৰটা গোত্ৰৰ বাবে বাৰটা নিজৰা প্ৰবাহিত হল। আৰু আমি প্ৰত্যেক গোত্ৰৰ বাবে সিহঁতৰ পানী খোৱাৰ ঠাই নিৰ্দিষ্ট কৰি দিছিলো যাতে সিহঁতৰ মাজত কাজিয়াৰ সৃষ্টি নহয়। আৰু আমি তোমালোকক কৈছিলোঃ আল্লাহে প্ৰদান কৰা সেই জীৱিকাৰ পৰা আহাৰ কৰা যিটো তোমালোকক কষ্ট নকাৰকৈয়ে দিয়া হৈছে। আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذْ قُلْتُمْ یٰمُوْسٰی لَنْ نَّصْبِرَ عَلٰی طَعَامٍ وَّاحِدٍ فَادْعُ لَنَا رَبَّكَ یُخْرِجْ لَنَا مِمَّا تُنْۢبِتُ الْاَرْضُ مِنْ بَقْلِهَا وَقِثَّآىِٕهَا وَفُوْمِهَا وَعَدَسِهَا وَبَصَلِهَا ؕ— قَالَ اَتَسْتَبْدِلُوْنَ الَّذِیْ هُوَ اَدْنٰی بِالَّذِیْ هُوَ خَیْرٌ ؕ— اِهْبِطُوْا مِصْرًا فَاِنَّ لَكُمْ مَّا سَاَلْتُمْ ؕ— وَضُرِبَتْ عَلَیْهِمُ الذِّلَّةُ وَالْمَسْكَنَةُ وَبَآءُوْ بِغَضَبٍ مِّنَ اللّٰهِ ؕ— ذٰلِكَ بِاَنَّهُمْ كَانُوْا یَكْفُرُوْنَ بِاٰیٰتِ اللّٰهِ وَیَقْتُلُوْنَ النَّبِیّٖنَ بِغَیْرِ الْحَقِّ ؕ— ذٰلِكَ بِمَا عَصَوْا وَّكَانُوْا یَعْتَدُوْنَ ۟۠
স্মৰণ কৰা সেই সময়ক যেতিয়া তোমালোকে নিজ প্ৰতিপালকৰ নিয়ামতৰ অকৃতজ্ঞতা কৰিছিলা। এতেকে মান্না আৰু ছালৱাৰ ৰূপত আল্লাহে প্ৰদান কৰা জীৱিকা খাই ক্লান্ত হৈ কৈছিলাঃ আমি একেই ধৰণৰ খাদ্যৰ ওপৰত কেতিয়াও ধৈৰ্য্য ধাৰণ কৰিব নোৱাৰিম যিটো কেতিয়াও পৰিবৰ্তন নহয়। তাৰ পিছত তোমালোকে মূছা আলাইহিচ্ছালামৰ ওচৰত আবেদন কৰিলা যাতে তেওঁ দুআ কৰে যে, আল্লাহে যেন ভূমিজাত দ্ৰৱ্য শাক-পাচলি, তিয়ঁহ, গম, দাইল আৰু পিঁয়াজ উৎপাদন কৰে। মূছা আলাইহিচ্ছালামে ক'লেঃ তোমালোকে কোনো কষ্ট নোহোৱাকৈ মান্না আৰু ছালৱাৰ দৰে যি উত্তম খাদ্য পাই আছা, ইয়াৰ পৰিবৰ্তে তোমালোকে এই নিম্নমানৰ আবেদন কিয় কৰি আছা, তোমালোকে এটা কাম কৰা, ইয়াৰ পৰা বেলেগ কোনো ঠাইলৈ গুচি যোৱা। তোমালোকে সেই ঠাইৰ খেতি আৰু বজাৰত সেই সকলো বস্তু তাত উপলব্ধ পাবা যিবোৰ তোমালোকে বিচাৰিছা। এতেকে প্ৰবৃত্তিৰ অনুসৰণ আৰু আল্লাহে প্ৰদান কৰা বস্তুৰ পৰা মুখ ঘূৰাই লোৱাৰ ফলত সিহঁতৰ ওপৰত তিৰস্কাৰ, দৰিদ্ৰতা আৰু লাঞ্ছনা আপতিত হ'ল। লগতে আল্লাহৰ অসন্তুষ্টিৰ পাত্ৰ হ'ল। কিয়নো সিহঁতে তেওঁৰ দ্বীনৰ পৰা মুখ ঘূৰাই লৈছিল আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল লগতে তেওঁৰ নবীসকলক অন্যায়ভাৱে হত্যা কৰিছিল। অবাধ্যতা আৰু সীমালংঘন কৰাৰ বাবেই সিহঁতৰ এই পৰিণতি হৈছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• كل من يتلاعب بنصوص الشرع ويحرّفها فيه شَبَهٌ من اليهود، وهو مُتوعَّد بعقوبة الله تعالى.
প্ৰত্যেক সেই ব্যক্তি যিয়ে চৰীয়তৰ বিধানৰ লগত ধেমালি কৰে আৰু তাক বিকৃত কৰে সি হৈছে ইয়াহুদীসকলৰ দৰে। আৰু সি আল্লাহৰ শাস্তিৰ অন্তৰ্ভুক্ত।

• عِظَمُ فضل الله تعالى على بني إسرائيل، وفي مقابل ذلك شدة جحودهم وعنادهم وإعراضهم عن الله وشرعه.
বনী ইছৰাইলৰ ওপৰত আল্লাহৰ অসীম অনুগ্ৰহ পক্ষান্তৰে সিহঁতৰ ইয়াৰ পৰিবৰ্তে অস্বীকাৰ, অবাধ্যতা তথা আল্লাহ আৰু তেওঁৰ বিধানৰ পৰা বিমুখতা।

• أن من شؤم المعاصي وتجاوز حدود الله تعالى ما ينزل بالمرء من الذل والهوان، وتسلط الأعداء عليه.
গুনাহ তথা আল্লাহৰ সীমালংঘনৰ ফলত মানুহৰ ওপৰত অপমান আৰু তিৰস্কাৰ জাপি দিয়া হয়। আৰু সিহঁতৰ ওপৰত শত্ৰুসকলৰ আধিপত্য বিস্তাৰ হয়।

 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት