Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
اَللّٰهُ وَلِیُّ الَّذِیْنَ اٰمَنُوْا یُخْرِجُهُمْ مِّنَ الظُّلُمٰتِ اِلَی النُّوْرِ ؕ۬— وَالَّذِیْنَ كَفَرُوْۤا اَوْلِیٰٓـُٔهُمُ الطَّاغُوْتُ یُخْرِجُوْنَهُمْ مِّنَ النُّوْرِ اِلَی الظُّلُمٰتِ ؕ— اُولٰٓىِٕكَ اَصْحٰبُ النَّارِ ۚ— هُمْ فِیْهَا خٰلِدُوْنَ ۟۠
আল্লাহ ঈমান্দাৰসকলৰ অভিভাৱক। তেওঁ সিহঁতক তাওফীক দিয়ে আৰু সিহঁতক সহায় কৰে লগতে সিহঁতক অজ্ঞতা আৰু কুফৰৰ অন্ধকাৰৰ পৰা জ্ঞান আৰু ঈমানৰ পোহৰৰ পিনে উলিয়াই আনে। আনহাতে যিসকলে কুফৰ কৰে সিহঁতৰ অভিভাৱক হৈছে মূৰ্তি আৰু সমকক্ষসকল। যিসকলে সিহঁতৰ বাবে কুফৰক সুসজ্জিত কৰিছে। আৰু সিহঁতক জ্ঞান আৰু ঈমানৰ পোহৰৰ পৰা উলিয়াই কুফৰ আৰু অজ্ঞতাৰ অন্ধকাৰত লৈ আহিছে। সিহঁতেই জাহান্নামৰ অধিবাসী, তাত সিহঁত চিৰকাল থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ تَرَ اِلَی الَّذِیْ حَآجَّ اِبْرٰهٖمَ فِیْ رَبِّهٖۤ اَنْ اٰتٰىهُ اللّٰهُ الْمُلْكَ ۘ— اِذْ قَالَ اِبْرٰهٖمُ رَبِّیَ الَّذِیْ یُحْیٖ وَیُمِیْتُ ۙ— قَالَ اَنَا اُحْیٖ وَاُمِیْتُ ؕ— قَالَ اِبْرٰهٖمُ فَاِنَّ اللّٰهَ یَاْتِیْ بِالشَّمْسِ مِنَ الْمَشْرِقِ فَاْتِ بِهَا مِنَ الْمَغْرِبِ فَبُهِتَ الَّذِیْ كَفَرَ ؕ— وَاللّٰهُ لَا یَهْدِی الْقَوْمَ الظّٰلِمِیْنَ ۟ۚ
হে নবী আপুনি সেই বিদ্ৰূহীৰ সাহসতকৈ অধিক আশ্চৰ্যজনক আন কোনো বস্তু দেখিছেনে, যিয়ে ইব্ৰাহীম আলাইহিছ ছালামৰ লগত আল্লাহৰ ৰূবুবিয়্যত আৰু তাওহীদ সম্পৰ্কে বিতৰ্ক কৰিছিল? এয়া এই কাৰণে হৈছিল যে, আল্লাহে তাক ৰাজত্ব প্ৰদান কৰিছিল যিটো পাই সি বিদ্ৰোহ হৈ গৈছিল। ইব্ৰাহীমে তেওঁৰ প্ৰতিপালকৰ বৈশিষ্ট্য বৰ্ণনা কৰি কলেঃ মোৰ প্ৰতিপালক সেইজন যিয়ে প্ৰাণীক জীৱন দান কৰে আৰু মৃত্যু প্ৰদান কৰে। বিদ্ৰোহীয়ে অহংকাৰ কৰি কলেঃ ময়ো জীৱন দান কৰিব পাৰো আৰু ময়ো মৃত্যু প্ৰদান কৰিব পাৰো। মই যাক ইচ্ছা হত্যা কৰিব পাৰো আৰু যাক ইচ্ছা এৰি দিব পাৰো। তেতিয়া ইব্ৰাহীম আলাইহিছ ছালামে ইয়াতকৈ ডাঙৰ প্ৰমাণ এটা দাঙি ধৰি কলেঃ মই যি প্ৰতিপালকৰ ইবাদত কৰো তেওঁ পূৱৰ পৰা সূৰ্যোদয় কৰে, এতেকে তুমি পশ্চিমৰ পৰা উদয় কৰি দেখুৱা। এই শুনি বিদ্ৰোহীয়ে তথমথ খালে আৰু ক্লান্ত হৈ পৰাজিত হল। আল্লাহে অন্যায়কাৰীসকলক অত্যাচাৰ আৰু বিদ্ৰোহৰ কাৰণে তেওঁৰ পথত পৰিচালিত হোৱাৰ তাওফীক প্ৰদান নকৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اَوْ كَالَّذِیْ مَرَّ عَلٰی قَرْیَةٍ وَّهِیَ خَاوِیَةٌ عَلٰی عُرُوْشِهَا ۚ— قَالَ اَنّٰی یُحْیٖ هٰذِهِ اللّٰهُ بَعْدَ مَوْتِهَا ۚ— فَاَمَاتَهُ اللّٰهُ مِائَةَ عَامٍ ثُمَّ بَعَثَهٗ ؕ— قَالَ كَمْ لَبِثْتَ ؕ— قَالَ لَبِثْتُ یَوْمًا اَوْ بَعْضَ یَوْمٍ ؕ— قَالَ بَلْ لَّبِثْتَ مِائَةَ عَامٍ فَانْظُرْ اِلٰی طَعَامِكَ وَشَرَابِكَ لَمْ یَتَسَنَّهْ ۚ— وَانْظُرْ اِلٰی حِمَارِكَ۫— وَلِنَجْعَلَكَ اٰیَةً لِّلنَّاسِ وَانْظُرْ اِلَی الْعِظَامِ كَیْفَ نُنْشِزُهَا ثُمَّ نَكْسُوْهَا لَحْمًا ؕ— فَلَمَّا تَبَیَّنَ لَهٗ ۙ— قَالَ اَعْلَمُ اَنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
অথবা আপুনি সেই ব্যক্তিৰ দৰে আন কোনো ব্যক্তি দেখিছে নেকি? যিজন ব্যক্তিয়ে এনেকুৱা এটা গাওঁৰ মাজেৰে অতিক্ৰম কৰিছিল যি গাওঁৰ ঘৰ দুৱাৰ বিনষ্ট হৈছিল আৰু তাত থকা অধিবাসীসকল ধ্বংস হৈছিল আৰু সেই গাওঁ ভয়াৱহ আৰু জনশূন্য হৈ গৈছিল। ব্যক্তিজনে আচৰিত হৈ কলে, আল্লাহে এই গাওঁবাসীক মৃত্যুৰ পিছত আকৌ কেনেকৈ জীৱিত কৰিব? ফলত আল্লাহে তেওঁক এশ বছৰৰ বাবে মৃত্যু প্ৰদান কৰিলে। পুনৰ তেওঁক জীৱিত কৰিলে আৰু সুধিলেঃ তুমি কিমান সময় মৃত হৈ আছিলা? তেওঁ উত্তৰ দিলেঃ মই এদিন অথবা কেই ঘন্টামান মৃত হৈ আছিলো। আল্লাহে তেওঁক জনালে যে, বৰং তুমি সম্পূৰ্ণ এশ বছৰ মৃত অৱস্থাত আছিলা। ইয়াৰ পিছতো তোমাৰ খাদ্যসামগ্ৰীৰ পিনে চোৱা, সেয়া আগৰ দৰেই সতেজ হৈ আছে, কোনো পৰিবৰ্তন হোৱা নাই। যদিও খাদ্য সামগ্ৰী অতি সোনকালে বেয়া হয়। আনহাতে তোমাৰ মৃত গাধটোৰ পিনে চোৱা। আমি তোমাৰ লগত এনেকুৱা এই বাবে কৰিলো যাতে তোমাক মানুহৰ বাবে নিদৰ্শন বনাব পাৰি যে, আল্লাহে পুনৰজীৱিত কৰিবলৈ সম্পূৰ্ণ সক্ষম। তোমাৰ মৃত গাধটোৰ হাড়খিনিলৈ চোৱা, কেনেকৈ সিচৰিত হৈ আছে। চোৱা! আমি কেনেকৈ এইবোৰক একত্ৰিত কৰি সংযুক্ত কৰো আৰু কেনেকৈ ইয়াৰ ওপৰত মাংস লগাই দিওঁ আৰু চোৱা কেনেকৈ আমি ইয়াক জীৱন দান কৰো। যেতিয়া তেওঁ এই দৃশ্য দেখা পালে, তেতিয়া তেওঁৰ ওচৰত সত্য উদ্ঘাটন হ'ল আৰু আল্লাহৰ শক্তি স্বীকাৰ কৰি কলে, মই জানো যে, আল্লাহ সকলো বিষয়ত ক্ষমতাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من أعظم ما يميز أهل الإيمان أنهم على هدى وبصيرة من الله تعالى في كل شؤونهم الدينية والدنيوية، بخلاف أهل الكفر.
ঈমান্দাৰসকলক কাফিৰসকলৰ পৰা পৃথককাৰী আটাইতকৈ ডাঙৰ বস্তুটো হৈছে আল্লাহৰ হিদায়ত আৰু নিদৰ্শন, যিটো সিহঁতে দ্বীনি আৰু দুনিয়াবী সকলো ক্ষেত্ৰতে প্ৰাপ্ত হয়।

• من أعظم أسباب الطغيان الغرور بالقوة والسلطان حتى يعمى المرء عن حقيقة حاله.
অৱজ্ঞাৰ ডাঙৰ কাৰণসমূহৰ এটা অন্যতম কাৰণ হৈছে, শক্তি আৰু ৰাজত্বৰ অহংকাৰ। এইটোৱে মানুহৰ প্ৰতি এনেকুৱা প্ৰভাৱ পেলায় যে, সি নিজৰ অৱস্থা সম্পৰ্কে অমনোযোগী হৈ যায়।

• مشروعية مناظرة أهل الباطل لبيان الحق، وكشف ضلالهم عن الهدى.
সত্য স্পষ্ট কৰিবলৈ আৰু পথভ্ৰষ্ট লোকৰ ভ্ৰষ্টতা উদঙাবলৈ সিহঁতৰ লগত তৰ্ক কৰা বৈধ।

• عظم قدرة الله تعالى؛ فلا يُعْجِزُهُ شيء، ومن ذلك إحياء الموتى.
আল্লাহ ইমান ক্ষমতাৱান যে, কোনেও তেওঁক অপাৰগ কৰিব নোৱাৰে। তেওঁৰ এই ক্ষমতাৰেই এটা নিদৰ্শন হৈছে, মৃত ব্যক্তিক জীৱিত কৰা।

 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት