Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
لَیْسَ الْبِرَّ اَنْ تُوَلُّوْا وُجُوْهَكُمْ قِبَلَ الْمَشْرِقِ وَالْمَغْرِبِ وَلٰكِنَّ الْبِرَّ مَنْ اٰمَنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ وَالْمَلٰٓىِٕكَةِ وَالْكِتٰبِ وَالنَّبِیّٖنَ ۚ— وَاٰتَی الْمَالَ عَلٰی حُبِّهٖ ذَوِی الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنَ وَابْنَ السَّبِیْلِ ۙ— وَالسَّآىِٕلِیْنَ وَفِی الرِّقَابِ ۚ— وَاَقَامَ الصَّلٰوةَ وَاٰتَی الزَّكٰوةَ ۚ— وَالْمُوْفُوْنَ بِعَهْدِهِمْ اِذَا عٰهَدُوْا ۚ— وَالصّٰبِرِیْنَ فِی الْبَاْسَآءِ وَالضَّرَّآءِ وَحِیْنَ الْبَاْسِ ؕ— اُولٰٓىِٕكَ الَّذِیْنَ صَدَقُوْا ؕ— وَاُولٰٓىِٕكَ هُمُ الْمُتَّقُوْنَ ۟
সত্কৰ্ম যিটো আল্লাহে পছন্দ কৰে সেয়া কেৱল পূব বা পশ্চিম পিনে মুখ কৰিলেই নহয়, আৰু কিবলা লৈ মতানৈক্য কৰাটোৱে সত্কৰ্ম নহয়। বৰং প্ৰকৃত সত্কৰ্মকাৰী সেইজন, যিয়ে অদ্বিতীয় আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে, কিয়ামতৰ প্ৰতি ঈমান পোষণ কৰে, সকলো ফিৰিস্তা, সকলো ঐশী পুথি আৰু কাৰো প্ৰতি ভেদভাৱ নকৰি সকলো নবীৰ প্ৰতি ঈমান পোষণ কৰে। সম্পত্তিৰ মোহ আৰু লোভ থকাৰ পিছতো আত্মীয়স্বজন, অনাথ শিশু, অভাৱী ব্যক্তি, ঘৰ পৰিয়ালৰ পৰা দূৰত থকা যাত্ৰীসকল, প্ৰয়োজনত বাধ্য হৈ হাত প্ৰসাৰিত কৰা ব্যক্তিৰ ওপৰত নিজৰ ধন-সম্পদ ব্যয় কৰে তথা দাস মুক্তিৰ বাবে ব্যয় কৰে। সম্পূৰ্ণৰূপে আল্লাহে দেখুৱাই দিয়া পদ্ধতি অনুসাৰে ছালাত আদায় কৰে লগতে ফৰজ যাকাত আদায় দিয়ে। এইদৰে যিসকলে প্ৰতিশ্ৰুতি কৰাৰ পিছত সেয়া পূৰণ কৰে, অভাৱ-অনাটন আৰু বেমাৰত ধৈৰ্য ধাৰণ কৰে লগতে যুদ্ধৰ সময়ত পলায়ন কৰাৰ পৰিবৰ্তে দৃঢ়ভাৱে অটল থাকে। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই নিজৰ ঈমান, আমলত সত্যবাদী আৰু আল্লাহৰ আদেশ পালনকাৰী তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বী বান্দা।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا كُتِبَ عَلَیْكُمُ الْقِصَاصُ فِی الْقَتْلٰی ؕ— اَلْحُرُّ بِالْحُرِّ وَالْعَبْدُ بِالْعَبْدِ وَالْاُ بِالْاُ ؕ— فَمَنْ عُفِیَ لَهٗ مِنْ اَخِیْهِ شَیْءٌ فَاتِّبَاعٌ بِالْمَعْرُوْفِ وَاَدَآءٌ اِلَیْهِ بِاِحْسَانٍ ؕ— ذٰلِكَ تَخْفِیْفٌ مِّنْ رَّبِّكُمْ وَرَحْمَةٌ ؕ— فَمَنِ اعْتَدٰی بَعْدَ ذٰلِكَ فَلَهٗ عَذَابٌ اَلِیْمٌ ۟ۚ
হে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যিয়ে কাৰোবাক জানি-বুজি অন্যায়ভাৱে হত্যা কৰিব, তাক তাৰ অপৰাধ অনুসাৰে শাস্তি দিয়া তোমালোকৰ ওপৰত ফৰজ কৰা হৈছে। এতেকে স্বাধীন ব্যক্তিক স্বাধীন ব্যক্তিৰ পৰিবৰ্তে মৃত্যুদণ্ড দিয়া হব। দাসক দাসৰ পৰিবৰ্তে আৰু নাৰীক নাৰীৰ পৰিবৰ্তে মৃত্যুদণ্ড দিয়া হব। কিন্তু যদি নিহত ব্যক্তিয়ে মৃত্যুৰ আগতে হত্যাকাৰীক ক্ষমা কৰি দিয়ে, অথবা নিহত ব্যক্তিৰ অভিভাৱকে ৰক্তপণ (যিটো হত্যাকাৰীয়ে নিহত ব্যক্তিৰ আত্মীয়ক দিয়ে) লবলৈ সন্তুষ্টি প্ৰকাশ কৰে, তেন্তে ক্ষমাকাৰীসকলে ৰক্তপণ বিচৰাত সাধাৰণ নিয়মসমূহ মানি চলা উচিত। যাতে ইয়াৰ দ্বাৰা কষ্ট তথা আঘাত দিয়া নহয়। হত্যাকাৰীৰো উচিত সি যেন বাহানাবাজি নকৰি উত্তমভাৱে ৰক্তপণ আদায় দিয়ে। এই ক্ষমা আৰু ৰক্তপণ লোৱাৰ নিয়ম তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এই উম্মতৰ বাবে সুবিধা আৰু ৰহমতস্বৰূপ। কিন্তু যিয়ে ক্ষমা কৰাৰ পিছত অথবা ৰক্তপণ লোৱাৰ পিছত হত্যাকাৰীৰ ওপৰত অত্যাচাৰ কৰিব, তাৰ বাবে আছে আল্লাহৰ ওচৰত কষ্টদায়ক শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَكُمْ فِی الْقِصَاصِ حَیٰوةٌ یّٰۤاُولِی الْاَلْبَابِ لَعَلَّكُمْ تَتَّقُوْنَ ۟
দৰাচলতে কিচাচৰ নিয়মত তোমালোকৰ বাবে আছে জীৱন দান। কিয়নো এইটো হৈছে তেজ সংৰক্ষণ আৰু পৰস্পৰ শত্ৰুতা নিবাৰণৰ মাধ্যম। কিন্তু এই কথাটো কেৱল সেই জ্ঞানী ব্যক্তিয়ে উপলব্ধি কৰিব পাৰে যিয়ে আল্লাহক ভয় কৰি তেওঁৰ চৰীয়ত মতে চলে আৰু তেওঁৰ আদেশ পালন কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
كُتِبَ عَلَیْكُمْ اِذَا حَضَرَ اَحَدَكُمُ الْمَوْتُ اِنْ تَرَكَ خَیْرَا ۖۚ— ١لْوَصِیَّةُ لِلْوَالِدَیْنِ وَالْاَقْرَبِیْنَ بِالْمَعْرُوْفِ ۚ— حَقًّا عَلَی الْمُتَّقِیْنَ ۟ؕ
যেতিয়া তোমালোকৰ কাৰোবাৰ মৃ্ত্যুৰ লক্ষণ তথা কাৰণ দেখা দিয়ে আৰু যদি তাৰ বহুত সম্পত্তি থাকে তেন্তে তাৰ ওপৰত পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ বাবে চৰীয়ত অনুযায়ী অৰ্থাৎ এক তৃতীয়াংশ সম্পদ অছিয়ত কৰা জৰুৰী। এয়া এক অনিবাৰ্য কৰ্ম, সেইসকল লোকৰ বাবে যিসকলে আল্লাহক ভয় কৰে। জানি থোৱা উচিত যে, এই আদেশ মিৰাছ (উত্তৰাধিকাৰী) সম্পৰ্কীয় আয়াত অৱতীৰ্ণ হোৱাৰ পূৰ্বৰ আদেশ। কিন্তু মিৰাছৰ আয়াত অৱতীৰ্ণ হোৱাৰ পিছত এই কথা স্পষ্ট হৈছে যে, মৃত ব্যক্তিৰ ওৱাৰিছ কোন কোন হব আৰু কিমান অংশ পাব।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَنْ بَدَّلَهٗ بَعْدَ مَا سَمِعَهٗ فَاِنَّمَاۤ اِثْمُهٗ عَلَی الَّذِیْنَ یُبَدِّلُوْنَهٗ ؕ— اِنَّ اللّٰهَ سَمِیْعٌ عَلِیْمٌ ۟ؕ
যিয়ে অছীয়তত হেৰফেৰ কৰিব অথবা অছীয়তৰ কথা জনাৰ পিছতো সেয়া জাৰি কৰিবলৈ অস্বীকাৰ কৰিব তেন্তে এই পৰিবৰ্তনৰ পাপ পৰিবৰ্তনকাৰীৰহে হব, অছীয়ত কৰ্তাৰ নহয়। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কথা শ্ৰৱণকাৰী আৰু সিহঁতৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। সিহঁতৰ কোনো অৱস্থাই তেওঁৰ পৰা গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• البِرُّ الذي يحبه الله يكون بتحقيق الإيمان والعمل الصالح، وأما التمسك بالمظاهر فقط فلا يكفي عنده تعالى.
সত্কৰ্ম যিটোক আল্লাহে ভাল পায়, সেইটো প্ৰকৃত ঈমান আৰু সত্কৰ্মৰ দ্বাৰাহে অৰ্জন হয়। কেৱল বাহ্যিক বস্তু ধাৰণ কৰাটোৱে আল্লাহৰ ওচৰত যথেষ্ট নহয়।

• من أعظم ما يحفظ الأنفس، ويمنع من التعدي والظلم؛ تطبيق مبدأ القصاص الذي شرعه الله في النفس وما دونها.
প্ৰাণ সংৰক্ষণ আৰু অন্যায়-অত্যাচাৰ নিবাৰণ কৰাৰ প্ৰমূখ কাৰণসমূহৰ পৰা এটা হৈছে কিচাচৰ নিয়ম জাৰি কৰা। যিটোক আল্লাহে প্ৰাণ তথা তাতোকৈ নিম্নমানৰ ক্ষতিৰ বাবে জাৰি কৰাৰ আদেশ দিছে।

• عِظَمُ شأن الوصية، ولا سيما لمن كان عنده شيء يُوصي به، وإثمُ من غيَّر في وصية الميت وبدَّل ما فيها.
ইয়াত অছীয়তৰ গুৰুত্ব প্ৰদান কৰা হৈছে, বিশেষকৈ সেই ব্যক্তিৰ বাবে যাৰ ওচৰত অছীয়ত কৰিব পৰা কোনো সম্পদ আছে। লগতে মৃত ব্যক্তিৰ অছীয়ত পৰিবৰ্তন কৰাৰ ভয়াৱহতা বৰ্ণনা কৰা হৈছে।

 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት