Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-በቀራህ   አንቀጽ:
وَمَثَلُ الَّذِیْنَ یُنْفِقُوْنَ اَمْوَالَهُمُ ابْتِغَآءَ مَرْضَاتِ اللّٰهِ وَتَثْبِیْتًا مِّنْ اَنْفُسِهِمْ كَمَثَلِ جَنَّةٍ بِرَبْوَةٍ اَصَابَهَا وَابِلٌ فَاٰتَتْ اُكُلَهَا ضِعْفَیْنِ ۚ— فَاِنْ لَّمْ یُصِبْهَا وَابِلٌ فَطَلٌّ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
সেই সকল মুমিনৰ উদাহৰণ যিসকলে অন্তৰেৰে পূৰ্ণ বিশ্বাসৰ সৈতে, কোনো ধৰণৰ জোৰ-জবৰদস্তি নোহোৱাকৈ আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ বাবে নিজৰ সম্পদ ব্যয় কৰে, তেওঁলোকৰ উদাহৰণ সেই বাগানৰ দৰে যিটো ওখ স্থানত অৱস্থিত। ধাৰাসাৰ বৰষুণ হলে সেই বাগানত দ্বিগুণ ফল উত্পন্ন হয়। আনহাতে বেছি বৰষুণ নহলেও ভাল মাটি হোৱাৰ বাবে অলপ বৰষুণেই যথেষ্ট হয়। নিষ্ঠাৰ সৈতে ব্যয়কাৰী সকলৰো এনেকুৱাই অৱস্থা। আল্লাহে সেয়া কবুল কৰে আৰু তাৰ নেকী বৃদ্ধি কৰি দিয়ে, যদিও তাৰ ব্যয়ৰ পৰিমাণ কম। আল্লাহে তোমালোকৰ কৰ্ম দেখি আছে। এতেকে যিসকলে দেখুৱাবলৈ নেক কাম কৰে আৰু যিসকলে নিষ্ঠাৰ সৈতে কাম কৰে, সিহঁত উভয়ৰ অৱস্থা আল্লাহৰ পৰা গোপন নহয়। আল্লাহে প্ৰত্যেককে সেই অনুপাতেই প্ৰতিদান দিব যিটোৰ সি উপযুক্ত।
የአረብኛ ቁርኣን ማብራሪያ:
اَیَوَدُّ اَحَدُكُمْ اَنْ تَكُوْنَ لَهٗ جَنَّةٌ مِّنْ نَّخِیْلٍ وَّاَعْنَابٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ۙ— لَهٗ فِیْهَا مِنْ كُلِّ الثَّمَرٰتِ ۙ— وَاَصَابَهُ الْكِبَرُ وَلَهٗ ذُرِّیَّةٌ ضُعَفَآءُ ۖۚ— فَاَصَابَهَاۤ اِعْصَارٌ فِیْهِ نَارٌ فَاحْتَرَقَتْ ؕ— كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمُ الْاٰیٰتِ لَعَلَّكُمْ تَتَفَكَّرُوْنَ ۟۠
তোমালোকৰ কোনোবাই এনেকুৱা আশা কৰানে যে, তাৰ বাবে খেজুৰ আৰু আঙুৰৰ এটা উদ্যান হওঁক, তাৰ মাজেৰে নিজৰা প্ৰবাহিত হওঁক। লগতে সেই উদ্যানত সকলো ধৰণৰ ফলমূল হওঁক। কিন্তু সেই উদ্যানৰ গৰাকী ইমান বয়সীয়াল যে, সি উপাৰ্জন কৰাৰ আৰু কৰ্ম কৰাৰো শক্তি নাই। কিন্তু তাৰ সৰু সৰু দুৰ্বল লৰা-ছোৱালী আছে, সিহঁতেও কাম কৰা বয়সত উপনীত হোৱা নাই। কিন্তু হঠাৎ এনেকুৱা ধুমুহা আহিল য’ত আছে প্ৰচণ্ড জুই, আৰু সেই ধুমুহাই গোটেই উদ্যানটোক জ্বলাই পেলালে। যদিও বৃদ্ধাৱস্থাত উপনীত হোৱাৰ কাৰণে আৰু সৰু সৰু লৰা ছোৱালী থকাৰ বাবে সেই উদ্যানটো আছিল তাৰ বাবে অতি আৱশ্যকীয়। এতেকে মানুহক দেখুৱাবলৈ দান (নেক কৰ্ম) কৰা ব্যক্তিৰ অৱস্থাও সেই ব্যক্তিৰ দৰেই। সি ক্বিয়ামতৰ দিনা আল্লাহৰ ওচৰত এনেকুৱা সময়ত উপস্থিত হব যেতিয়া তাৰ নেকীৰ খুবেই প্ৰয়োজন হব। আল্লাহে এই দৰেই বিস্তাৰিত বৰ্ণনা কৰে যে, পৃথিৱী আৰু আখিৰাতত কোনটো বস্তু তোমালোকৰ বাবে উপকাৰী যাতে তোমালোকে চিন্তা-চৰ্চা কৰিব পাৰা।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اَنْفِقُوْا مِنْ طَیِّبٰتِ مَا كَسَبْتُمْ وَمِمَّاۤ اَخْرَجْنَا لَكُمْ مِّنَ الْاَرْضِ ۪— وَلَا تَیَمَّمُوا الْخَبِیْثَ مِنْهُ تُنْفِقُوْنَ وَلَسْتُمْ بِاٰخِذِیْهِ اِلَّاۤ اَنْ تُغْمِضُوْا فِیْهِ ؕ— وَاعْلَمُوْۤا اَنَّ اللّٰهَ غَنِیٌّ حَمِیْدٌ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসৰণকাৰী সকল! নিজে উপাৰ্জন কৰা পৱিত্ৰ হালাল সম্পদৰ পৰা ব্যয় কৰা লগতে ব্যয় কৰা খেতিৰ পৰা উত্পাদিত ফচলৰ এটা অংশ, যিটো আমি তোমালোকৰ বাবে উত্পন্ন কৰিছো। আৰু এনেকুৱা পেলনীয়া বস্তু ব্যয় কৰাৰ সংকল্প নকৰিবা যিটো তোমালোকক দিলে তোমালোকে নিজেই গ্ৰহণ নকৰিবা, হয়তো বাধ্যত পৰি গ্ৰহণ কৰিব পাৰা। এতেকে যিটো তোমালোকে নিজৰ বাবে পছন্দ নকৰা সেইটো আল্লাহৰ বাবে কিয়? নিৰ্বাচন কৰা জানি থোৱা! আল্লাহ তোমালোকৰ ব্যয়ৰ পৰা অমুখাপেক্ষী আৰু তেওঁৰ সত্ত্বা তথা তেওঁৰ কৰ্ম প্ৰশংসনীয়।
የአረብኛ ቁርኣን ማብራሪያ:
اَلشَّیْطٰنُ یَعِدُكُمُ الْفَقْرَ وَیَاْمُرُكُمْ بِالْفَحْشَآءِ ۚ— وَاللّٰهُ یَعِدُكُمْ مَّغْفِرَةً مِّنْهُ وَفَضْلًا ؕ— وَاللّٰهُ وَاسِعٌ عَلِیْمٌ ۟
চয়তানে তোমালোকক অভাৱ অনাটনৰ ভয় দেখুৱায়, কৃপণতাৰ নিৰ্দেশ দিয়ে আৰু পাপ কৰ্মৰ পিনে আহ্বান কৰে। আনহাতে আল্লাহে তোমালোকক তোমালোকৰ গুনাহ ক্ষমা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে লগতে ব্যপক জীৱিকাৰ বচন দিয়ে। আল্লাহ বিশাল অনুগ্ৰহশীল আৰু বান্দাৰ অৱস্থা সম্পৰ্কে সম্যক অৱগত।
የአረብኛ ቁርኣን ማብራሪያ:
یُّؤْتِی الْحِكْمَةَ مَنْ یَّشَآءُ ۚ— وَمَنْ یُّؤْتَ الْحِكْمَةَ فَقَدْ اُوْتِیَ خَیْرًا كَثِیْرًا ؕ— وَمَا یَذَّكَّرُ اِلَّاۤ اُولُوا الْاَلْبَابِ ۟
আল্লাহে যাক ইচ্ছা কৰে কথাত সত্যতা আৰু কৰ্মত শুদ্ধতা প্ৰদান কৰে। আৰু যাক এই গুণ প্ৰদান কৰা হৈছে তাক অসংখ্য কল্যাণ প্ৰদান কৰা হৈছে। আল্লাহৰ নিদৰ্শনৰ পৰা কেৱল সেইজন বুদ্ধিমানেই শিক্ষা গ্ৰহণ কৰে যিয়ে তেওঁৰ নুৰৰ পৰা পোহৰ গ্ৰহণ কৰে আৰু তেওঁৰ নিৰ্দেশিত পথত পৰিচালিত হয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المؤمنون بالله تعالى حقًّا واثقون من وعد الله وثوابه، فهم ينفقون أموالهم ويبذلون بلا خوف ولا حزن ولا التفات إلى وساوس الشيطان كالتخويف بالفقر والحاجة.
যিসকলে আল্লাহৰ প্ৰতি বিশুদ্ধচিত্তে ঈমান পোষণ কৰে তেওঁলোকে তেওঁৰ প্ৰতিশ্ৰুতি আৰু প্ৰতিদানৰ ওপৰত ভৰসা কৰে। লগতে তেওঁলোকে নিজৰ সম্পদ ভয়-ভীতি আৰু চয়তানৰ কুমন্ত্ৰণা যেনে- অভাৱ-অনাটনৰ ভয় আদিৰ প্ৰতি ভ্ৰুক্ষেপ নকৰাকৈ ব্যয় কৰে।

• الإخلاص من أعظم ما يبارك الأعمال ويُنمِّيها.
ইখলাচ এনেকুৱা এটা ডাঙৰ বস্তু যিয়ে কামত অধিক প্ৰাচুৰ্য প্ৰদান কৰে আৰু প্ৰগতিশীল কৰে।

• أعظم الناس خسارة من يرائي بعمله الناس؛ لأنه ليس له من ثواب على عمله إلا مدحهم وثناؤهم.
আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত সেই ব্যক্তি যিয়ে মানুহক দেখুৱাবলৈ কাম কৰে, কিয়নো সি নিজৰ কামৰ প্ৰতিদানস্বৰূপে মানুহৰ প্ৰশংসাৰ বাহিৰে আন একো লাভ নকৰিব।

 
የይዘት ትርጉም ምዕራፍ: አል-በቀራህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት